বাক্সা : প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হৈ জয় লাভ কৰি নিৰ্বাচিত হোৱা এগৰাকী যুৱ জনপ্ৰতিনিধি৷ নিৰ্বাচনৰ পূৰ্বে গাৱে-ভূঞে নিৰ্বাচনী প্ৰচাৰ সভাবোৰত তেওঁৰ এটাই প্ৰতিশ্ৰুতি আছিল ৰাইজৰ কাম কৰা, ৰাইজৰ সমস্যা সমাধান কৰা, দুখীয়াক সহায় কৰা আদি৷ জয়ী হোৱাৰ পিছত এতিয়া ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিবৰ বাবে ওলাই আহিছে জনপ্ৰতিনিধি গৰাকী।

উক্ত জনপ্ৰতিনিধি গৰাকী হৈছে বিটিচিৰ ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম৷ বিগত বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিভিন্ন সভাত ৰাইজৰ আগত বহু প্ৰতিশ্ৰুতি দিছিল ইউপিপিএলৰ মুছলপুৰ সমষ্টিৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই। এই প্ৰতিশ্ৰুতি সমূহৰ ভিতৰত অন্যতম আছিল তেখেতৰ মাহিলী দৰমহাৰ ধনৰাশি সমষ্টিটোৰ নামঘৰ, মন্দিৰ, বাথৌ আশ্ৰম, মছজিদ আদিত দান কৰা। এই উদ্দেশ্যে বাক্সা জিলাৰ মুছলপুৰৰ সমীপৰ পমুৱাপথাৰত অনুষ্ঠিত এক ৰাজহুৱা সভাত দুখন গাঁৱৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে পঞ্চাশ হাজাৰ টকাৰ চেক।

উল্লেখ্য যে ৰাকেশ ব্ৰহ্মই আঠিয়াবাৰী ভিচিডিচিৰ অন্তৰ্গত কাটনীপাৰা আৰু শিমলীগুৰি গাঁও দুখনত থকা মন্দিৰ আৰু বাথৌ মন্দিৰৰ নামত অৰ্পণ কৰে উক্ত ধনৰাশি। এই সম্পৰ্কে কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই কয় যে নিৰ্বাচনৰ পূৰ্বে সাধাৰণ লোকক যি প্ৰতিশ্ৰুতি দিছিলো সেয়া আজি ৰূপায়ণ কৰাৰ বাবে ওলাই আহিছোঁ। তেওঁৰ মাহিলী দৰমহা নিজে নলৈ সমষ্টিটোৰ বিভিন্ন মন্দিৰ, নামঘৰ, বাথৌ আশ্ৰম, মছজিদ আদিৰ নামত দান কৰাৰ বিষয়ে সদৰি কৰে। নিজৰ মাহিলী দৰমহা গাঁওবাসীৰ মাজত বিতৰণ কৰি আনন্দিত হোৱা বুলি মন্তব্য কৰি তেখেতে আগন্তুক সময়তো এইদৰে দৰমহাৰ ধনৰাশি সমষ্টিবাসীৰ বাবে বিতৰণ কৰি যাব বুলি উল্লেখ কৰে৷

আনহাতে ৰাকেশ ব্ৰহ্মই মুছলপুৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পমুৱাপথাৰত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ এটা কেন্দ্ৰ স্থাপন কৰাৰ লগতে যুৱক-যুৱতীৰ কৰ্মসংস্থানৰ প্ৰতি লক্ষ্য ৰাখি কম দিনৰ ভিতৰতে মুছলপুৰত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ প্ৰতিষ্ঠানৰ কেন্দ্ৰ এটা স্থাপন কৰাৰ কথা ঘোষণা কৰে। আনহাতে বিভাগীয় কাৰ্যবাহী সদস্য হিচাপে মীন আৰু পশুপালন বিভাগতো বহুতো নতুনত্ব অনাৰ পৰিকল্পনা থকা বুলি ব্যক্ত কৰি তেখেতে এছিয়াৰ দ্বিতীয় বৃহত্তম কৃষিপাম ৰূপে খ্যাত বাক্সা জিলাৰ কোকিলাবাৰী পামখনৰ কৃষি, মীন, দুগ্ধ আৰু পশুপালন ক্ষেত্ৰত ১২০০ কোটি টকা ব্যয় সাপেক্ষে পুনৰুজ্জীৱিত কৰাৰ লগতে পামখনত দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজ্যৰ ভিতৰতে দ্বিতীয় বৃহত্তম পুখুৰী খন্দাৰ কাম অহা অক্টোবৰ মাহত আৰম্ভ হ’ব বুলি কয়৷

লগতে পঢ়ক : তেজপুৰত আটক চাৰিজন চৰাই চিকাৰী

পশুপালন বিভাগটোৰ বিষয়ে মন্তব্য কৰি তেখেতে কয় যে এই বিভাগটো পূৰ্বৰ বিটিচি চৰকাৰে কোনো কাম নকৰিলে, এতিয়া এই বিভাগটোক পুনৰুজ্জীৱিত কৰাৰ বাবে পৰিকল্পনা কৰা বুলি উল্লেখ কৰি বিটিচিৰ ভিতৰতে ৰাজহ সংগ্ৰহ কৰিব পৰা অন্যতম বিভাগ হিচাপে গঢ় দিব বুলি ন-দি কয়। ইয়াৰ বাবে পাঁচ কোটি টকা ব্যয় সাপেক্ষে বাক্সাৰ বগাজুলিত এখন ছাগলী ফাৰ্ম খোলা হ’ব বুলিও কাৰ্যবাহী সদস্য গৰাকীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,838 other subscribers

Leave a comment

Leave a Reply Cancel reply