নিউজ ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ’ল APSC কেলেংকাৰিৰ মূল অভিযুক্ত ৰাকেশ পাল। ৬ বছৰ ৪ মাহ জেলত থকা ৰাকেশ পাল মুকলি আকাশৰ তললৈ আহিয়ে সংবাদ মাধ্যমৰ আগত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। লগতে, গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন মঞ্জুৰ কৰাৰ বাবে ধন্যবাদ দিয়ে।
সাংবাদিকে জেলৰ ভিতৰৰ অভিজ্ঞতাৰ বিষয়ে সুধাত ৰাকেশ পালে কয় যে, “জেলত খুব ভাল অভিজ্ঞতা পালো। জেলৰ ভিতৰত নামঘৰ বনাইছো, সৎসঙ্গ চেণ্টাৰ বনাইছো, মিউজিকেল স্কুল বনাইছো আৰু বহুতো কাম কৰিবলৈ সুযোগ পাইছো”।
ইফালে সাংবাদিকে কোনোবাই ফচাইছিল নেকি বুলি সুধাত অভিযুক্ত পালে কয়, “কেচটো বিচাৰকৰ অধীনত আছে, এই সম্পৰ্কে মই আৰু বেছি ক’ব নোৱাৰো”।
উল্লেখ্য যে, মুকলি আকাশৰ তললৈ আহিয়ে পোনে পোনে নিজৰ ঘৰলৈ ৰাওনা হয় অভিযুক্ত ৰাকেশ পাল।
ৰাকেশ পাল যদিও জামিন লাভ কৰিছে তথাপিও বিশেষ আদালতৰ অনুমতি অবিহনে গুৱাহাটীৰ বাহিৰলৈ যোৱাত বাধা আৰোপ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । লগতে, এ পি এছ চি গোচৰৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈ বিশেষ আদালতক নির্দেশ দিছে উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে, ৰাকেশ পালে পূৰ্বতে চাৰিটা গোচৰত জামিন লাভ কৰিছিল কিন্তু ভঙাগড় থানাত ৰুজু হোৱা কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত জামিন লাভ নকৰা বাবে মুকলি আকাশ তললৈ আহিব পৰা নাছিলে।
লগতে পঢ়ক – শিৱসেনাৰ চিহ্ন ২০০০ কোটি টকাত ক্ৰয় কৰিছিল নেকি একনাথ সিন্দেৰ গোটে !