গোগামুখ,সোণাৰিঃ ৰাসোৎৱলৈ মাজত মাথোন এটা দিন বাকী। ৰাজ্যবাসীয়ে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ বাবে এমাহযোৰা আখৰাৰ অন্তত চৰকাৰৰ কভিড-১৯ বিধি অনুসৰি ৰাসলীলা উদযাপনৰ বাবে বিভিন্ন ঠাইত সাজু হৈ উঠিছে।
সমগ্র ৰাজ্যৰ লগতে গোগামুখ পূৱ সোৱণশিৰি আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰৰ সৌজন্যতো শ্ৰীমন্তপুৰ মাজগাওঁস্থিত শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ ৰাস মঞ্চত ১৯ আৰু ২০ নৱেম্বৰ তাৰিখে কভিড-১৯ মহামাৰীৰ বাবে স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ নীতি-নিৰ্দেশনা মানি বিনামূলীয়াকৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ সকলো ফালৰ পৰা পূৰ্ণ প্ৰস্তুতি তু্ংগত কৰি তুলিছে।
প্ৰথম দিনা ১৯ নৱেম্বৰ তাৰিখে পুৱা ৬.৩০ বজাত উদযাপন সমিতিৰ সভাপতি মহেন্দ্ৰ গোহাঁইহে পতাকা উত্তোলন কৰিব। সন্ধিয়া ৭.০০ বজাত মঞ্চ মুকলি কৰিব লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই।
জাতি -জনগোষ্ঠীৰ মহামিলনভুমি বৃহত্তৰ গোগামুখ অঞ্চলত ৩৯ টা বছৰে নি:স্বাৰ্থভাৱে ৰাইজৰ সেৱা আগবঢ়াই অহা পূৱ সোৱণশিৰি আঞ্চলিক বিকাশ কেন্দ্ৰৰ উদ্যোগত উদযাপন কৰিব লগা ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উপভোগ কৰিব লগা সমুহ দৰ্শকে মাস্ক পৰিধান কৰাৰ লগতে কভিডৰ সকলো নীতি-নিয়ম মানি ৰাস উপভোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।
সোণাৰিৰ চফ্ৰাইত আজিৰেপৰা আৰম্ভ হৈছে হীৰকজয়ন্তী বৰ্ষৰ ৰাস মহোৎসৱ। ৭৫ খন পতাকা উত্তোলনেৰে শুভাৰম্ভ হৈছে চফ্ৰাই সাৰ্বজনীন ৰাস মহোৎসৱৰ।
চফ্ৰাই মোহনগাঁওস্থিত ৰজাপুখুৰী সাৰ্বজনীন বৰনামঘৰত আজিৰেপৰা ২০ নৱেম্বৰলৈকে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ।
উল্লেখ্য যে, ৭৬ সংখ্যক বছৰত ভৰি দিয়া ৰাস মহোৎসৱ ক’ভিড মহামাৰী পৰিপ্ৰেক্ষিতত বিগত বৰ্ষত অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল।
ইফালে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নতুনকৈ নিৰ্মাণ কৰি উলিওৱা নামগৃহটিৰ লগতে এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।