দক্ষিণ শালমাৰা : দেওবাৰে পালন কৰা হয় পবিত্ৰ ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ সম্পৰ্কক অন্য মাত্ৰা দিয়াৰ এক উৎসৱ হৈছে ৰাখী বন্ধন। প্ৰতি বছৰে শাওন মাহৰ পূৰ্ণিমাৰ তিথিত এই উৎসৱ পালন কৰা হয়। এই দিনটোৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বতে বজাৰত যথেষ্ট ভিৰ হয় যদিও ক’ভিডৰ বাবে এইবাৰৰ পৰিৱেশ সূকীয়া।

হিন্দু ধৰ্মত ৰাখী বন্ধন উৎসৱক ভাতৃ-ভগ্নীৰ প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়। ইয়াৰ মাজতে, ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ সমৃদ্ধি আৰু দীৰ্ঘজীৱনৰ বাবে তেওঁলোকৰ মণিবন্ধত ৰঙীন ৰাখী বান্ধে। ভাতৃসকলে তেওঁলোকৰ ভগ্নীসকলক সুৰক্ষা দিবলৈ প্ৰতিশ্ৰুতি দিয়ে আৰু উপহাৰ দিয়ে।

সমগ্ৰ দেশৰ লগতে মানকাচতো হিন্দু ধৰ্মৰ লোক সকলে এই ৰাখী বন্ধন উদযাপন কৰে। বিশেষকৈ মানকাচৰৰ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত শিশু, মহিলা, যুৱতী সকলে ভাৰত-বাংলাদেশ সীমান্তত কৰ্তব্যৰত সীমান্ত সুৰক্ষা বাহিনীক ৰাখী বান্ধি এই উৎসৱ পালন কৰে। দেশৰ নিৰাপত্তাৰ খাতিৰত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সীমান্তত পহৰাৰত এই সকল বিএছএএফ জোৱান নিজৰ ঘৰত ৰাখী বন্ধন উৎসৱ পালন কৰাৰ পৰা বঞ্চিত হবলগীয়া হৈছে।

এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি মানকাচৰৰ সীমান্ত চেতনা মঞ্চৰ উদ্যোগত এইদৰে বিএছএফ জোৱান সকলক উৎসাহিত কৰি তোলাৰ বাবে সীমান্তবৰ্তী এলেকাৰ একাংশ শিশু, যুৱতী তথা মহিলা সকলে বিএছএফক ভাতৃৰ পৰিচয় দি ৰাখী বন্ধন উৎসৱ উলহ মালহেৰে পালন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত মানকাচৰৰ কামাখ্যাবাৰী বিএছএফ কেম্প, কাকিপাৰা বিএছএফ কেম্প আৰু সাহাপাৰা বিএছএফ কেম্পৰ অধীনত থকা ৬ নং বি এন বিএছএফৰ শতাধিক জোৱানৰ হাতত ৰাখী বান্ধি বিভিন্ন কাৰ্যসূচীৰে ৰাখী বন্ধনৰ উৎসৱ পালন কৰে।

লগতে পঢ়ক : সৰ্বানন্দ সোণোৱালে এতিয়া আশীৰ্বাদ যাত্ৰাৰ সলনি ৰাইজৰ সেৱাহে কৰিব লাগিছিল : ভূপেন কুমাৰ বৰা

বি এছ এফ সকল ঘৰৰ বাহিৰত থাকি যাতে কোনো ধৰণৰ অসন্তুষ্ট নহয় তাৰ বাবে ভাৰত বাংলাদেশ সীমান্তত বি এছ এফ আৰু চি আৰ পি এফ সকলৰ মাজতো এই কাৰ্য্যসূচি ৰূপায়ন কৰা বুলি মানকাচৰ সীমান্ত চেতনা মঞ্চৰ জিলা সাধাৰণ সম্পাদক ৰাজু দেৱনাথ জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply