নিউজ ডেস্কঃ বটদ্ৰৱাত চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এআইইউডিএফ-য়ে সাব্য়স্ত কৰিছে এই প্ৰতিবাদী কাৰ্যসূচী।
বিধায়ক ৰফিকুল ইছলামে কয় যে- ‘চৰকাৰৰ দায়িত্ব হ’ল ঘৰ নিৰ্মাণ কৰি দিয়া। কিন্তু এইখন চৰকাৰে দুখীয়া-দৰিদ্ৰ মানুহৰ ঘৰ ভাঙিছে। কিন্তু এই সকল লোকে বছৰ বছৰ ধৰি নিজৰ কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা ঘৰটো চৰকাৰে ভাঙি দিছে। চৰকাৰে কেৱল এটা জাতিক টাৰ্গেট কৰি উচ্ছেদ কৰিছে। চৰৰ মাটিৰ পট্টা দিব লাগে। চৰকাৰে প্ৰতিজন ভূমিহীন অসমীয়াক মাটিৰ দিয়াৰ ব্যৱস্থা কৰক অন্যথা প্ৰতিবাদ অব্যাহত থাকিব।’
ইফালে, কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীও চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। মাটিত বহি তেওঁ সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। শ্বেৰমান আলীয়ে কয়- ‘মই লক্ষ্য কৰিছো যে চৰকাৰে বাচ-বিচাৰ নকৰাকৈ ভূমিহীন মানুহক উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ভূমিৰ অধিকাৰ হৈছে মৌলিক অধিকাৰ। চৰকাৰে সংবিধানৰ আইন উলংঘা কৰিছে, চৰকাৰে মানৱতাৰ বিৰুদ্ধে কাম কৰিছে। বসুন্ধৰা ২.০ ৰ অধীনত চৰাঞ্চলত বাস কৰা লোকসকলকো ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছো।’
আনহাতে, বিধায়ক ৰমাকান্ত দেউৰীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- ‘বেদখল কৰিলে উচ্ছেদ কৰিবই। এইখন অসমত যদি বেদখলকাৰী উচ্ছেদ নহয় তেন্তে অসমীয়া মানুহৰ অস্তিত্ব ক’ত থাকিব? আৰু বিৰোধীয়ে যদি বিৰোধিতা নকৰে তেন্তে তেওঁলোকৰ আদৰ্শ ক’ত থাকিব?’