গুৱাহাটীঃ অসম আৰক্ষীত ৰদবদল। কাছাৰৰ আৰক্ষী অধীক্ষক আইপিএছ ৰমনদীপ কৌৰক গোলাঘাটৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। আনহাতে এপি এছ নুমল মহন্তক কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
উল্লেখ্য যে, ৰমনদীপ কৌৰক ২৬ জুলাইত, ২০২১ত অসম-মিজোৰাম সীমান্তত সংঘৰ্ষৰ পিছত অসম চৰকাৰে কাছাৰ জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিয়োগ কৰিছিল। অসম মিজোৰাম সীমান্ত সংঘৰ্ষৰ সময়ত কাছাৰৰ এছপি, বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰৰ পেটত গুলী লাগি আঘাতপ্ৰাপ্ত হৈছিল। সেই সময়তে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰৰ সলনি ৰমনদীপ কৌৰক বদলি কৰিছিল ।