গুৱাহাটী : ‘মোৰ পূৰ্বপুৰুষো এসময়ত চাহ বাগিছাৰ শ্ৰমিক আছিল। এতিয়াও মোৰ সম্পৰ্কীয় মানুহে চাহ বাগিছাত কাম কৰে। শ্ৰমিকৰ দুখ-যন্ত্ৰণা মই ভালদৰে উপলব্ধি কৰিব পাৰো’ গুৱাহাটীৰ পল্টন বজাৰৰ ৰেল ষ্টেচনত অসংগঠিত শ্ৰমিকৰ পঞ্জীয়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘ই-শ্ৰম’ নামৰ ৱেব পৰ্টেলৰ এক সজাগতা সভাত অংশগ্ৰহণ কৰি এইদৰে আৱেগেৰে মন্তব্য কৰে ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, শ্ৰমিক কল্যাণ বিভাগৰ সচিব মৃদুল মহন্ত, অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, উপ শ্ৰম আয়ুক্ত ঈচানু শ্বাহ আদিয়ে অংশগ্ৰহণ কৰা এই সভাত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিডৰ বাবে লকডাউনৰ সময়ত শ্ৰমিকসকলৰ দুখ-দুদৰ্শাই কুলাই-পাঁচিয়ে নধৰা হোৱাৰ বাতৰিয়ে চৰকাৰক যথেষ্ট ব্যথিত কৰি তোলাৰ পৰিপ্ৰেক্ষিততে যোৱা ২৬ আগষ্টত এই আঁচনিখন আৰম্ভ কৰা হৈছিল। দেশৰ ৩৮ কোটি শ্ৰমিকক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যেৰে আৰম্ভ কৰা এই শ্ৰমিকসকলৰ ভিতৰত কুলী, ড্ৰাইভাৰ, আশাকৰ্মী, অংগনবাডী় কৰ্মী, মিস্ত্ৰী আদিক সামৰি লোৱা হ’ব।

লগতে পঢ়ক : কামৰূপত ই-শ্ৰম পঞ্জীয়ন সম্পৰ্কত সজাগতা সভা

শ্ৰমিকসকলে অনলাইনযোগে নিজৰ পঞ্জীয়ণযুক্ত ম’বাইল নম্বৰেৰে আধাৰ কাৰ্ড ব্যৱহাৰ কৰি এই ৱেব পৰ্টেলত ভৰ্তি হ’ব পাৰিব। পঞ্জীয়ণযুক্ত শ্ৰমিকসকলে চৰকাৰৰ বিভিন্ন সা-সুবিধা ভোগ কৰাৰ উপৰি ২ লাখ টকাৰ জীৱন বীমা লাভ কৰিব। কোনো শ্ৰমিক দুৰ্ঘটনাগ্ৰস্ত হ’লে লাভ কৰিব ১ লাখ টকাকৈ বীমাৰ সুবিধা। সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে আদৰণি ভাষণ প্ৰদান কৰি জিলাখনৰ সকলো শ্ৰমিককে আগবাঢ়ি আহি ‘ই-শ্ৰম’ ৱেব পৰ্টেলত পঞ্জীয়ণ কৰি চৰকাৰী সা-সুবিধা গ্ৰহণৰ বাবে অনুৰোধ জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply