বুধবাৰৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ। আজিৰে পৰা ৰমজানৰ তাৰবীৰ নামাজ পঢ়া হ’ব। কেন্দ্ৰীয় হিলাল সমিতিয়ে এই কথা সদৰী কৰিছে ।
ইছলাম ধৰ্মৰ হিজৰী কেলেণ্ডাৰ মতে ৩৫৪ দিনৰ মূৰে মূৰে চন্দ্ৰকলা হয় আৰু সেই উপলক্ষে ৰমজান মাহ উদযাপন কৰা হয়।
কাঁচিজোন আকাশত ভাঁহি অহাৰ লগে লগে ৰমজান মাহৰ পূৰ্বাভাষ পোৱা গৈছে।

চৌদী আৰৱত কাঁচিজোন ভাঁহি অহাৰ লগে লগে ১৩ এপ্ৰিলৰ পৰা ৰমজান আৰম্ভ হৈ গৈছে। অসমত বুধবাৰৰ পৰা ৰমজান আৰম্ভ হ’ব।
এই পবিত্ৰ মাহত, মুছলমানসকলে ৩০ দিনৰ বাবে উপবাস পালন কৰে। এই বছৰ, পবিত্ৰ মাহটো ১৩ মে’ত সমাপ্ত হ’ব।