নিউজ ডেস্কঃ তিনি দিনীয়া ভ্ৰমণ সূচীৰে কাইলৈ অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। দেশৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। ন ৰূপত সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী।
নিৰাপত্তাৰ ক্ষেত্ৰটো মহানগৰ আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তুলিছে। ৰাষ্ট্ৰপতি অহাৰ সময়ত গুৱাহাটীৰ পদপথত থকা দোকান সমূহ বন্ধ ৰাখিব লৈ অনুৰোধ জনোৱা হৈছে।
১২.৪৫ বজাত বিমানবন্দৰত অৱতৰণ কৰিয়েই ১.২৫ বজাৰ পৰা ২ বজালৈ থাকিব কামাখ্য মন্দিৰত।
তাৰপিছত ৰাজভৱনত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ তেওঁ ৰাজভৱনতে গ্ৰহণ কৰিব।
২৬ ফেব্ৰুৱাৰীত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উনবিংশতিতম দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। ইয়াৰ পিছত পোনে পোনে তেওঁ আহিব কাজিৰঙালৈ।কাজিৰঙাৰ ৰিজৰ্টত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ।
লগতে পঢ়কঃৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণক লৈ জিএমচিৰ আয়ুক্তৰ সংবাদমেল, মানিব লাগিব এইবোৰ নিয়ম
ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড। বিয়লি ৩ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে। কাজিৰঙাৰ বৰগছ ৰিজৰ্টতে নিশাটো কটাব।
২৭ফেব্ৰুৱাৰী পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী কৰিব।
দুপৰীয়া পুনৰ বোকাখাতত উপস্থিত হৈ পোনে পোনে আইজললৈ উৰা মাৰিব ৰাষ্ট্ৰপতি গৰাকী।