মৰাণ:- সমুখত বাপতি সাহোন ৰঙালী বিহু। হেঁপাহৰ বিহুটিক আদৰিবলৈ এতিয়া সাঁজু হৈ উঠিছে সমগ্ৰ অসমবাসী। বহাগ বিহুৰ পহিলা দিনটোৰ পৰাই গৃহস্থৰ চোতালত পদধূলা পেলাই হুঁচৰিৰ দলে। চোতাল বিহু বা হুঁচৰি হৈছে ৰঙালী বিহুৰ অবিচ্ছেদ্য অংগ।
এইবাৰ বিহুত গৃহস্থৰ চোতালে-চোতালে হুঁচৰি গাই একাজলি আশীৰ্বাদ প্ৰদানৰ উদ্দেশ্যে সাঁজু হৈছে টিংখাঙৰ ন-বসন্ত চেমনীয়া হুঁচৰি দল। যোৱা দুটা বছৰৰ ক’বিডকালীন পৰিস্থিতিৰ পাচত এইবাৰ পুনৰ চোতাল আৰু বিহু মঞ্চত হুঁচৰি পৰিবেশনৰ বাবে ন-উদ্যমেৰে হুঁচৰিৰ আখৰাত ব্যস্ত হৈ পৰিছে ন-বসন্ত হুঁচৰি দল।