নিউজ ডেস্কঃ শোণিতপুৰৰ ৰঙাপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। লাইনচ্যুত হৈ বাগৰি পৰিল এখন মালবাহী ৰেল। শোণিতপুৰৰ ৰঙাপাৰাত সংঘটিত হৈছে এই ঘটনা। মালবাহী ৰেলখনৰ ১৬টাকৈ দবা লাইনচ্যুত হৈ বাগৰি পৰে।
জানিব পৰা মতে, ডেকাৰগাঁও অভিমুখে গৈ আছিল এই মালবাৰী ৰেলখন। স্থানীয় ৰাইজে এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়- ৰেলখন হঠাৎ ৰেল লাইনৰ পৰা বাগৰি পৰে। পাইলটে ৰেলখন ৰখাবলৈ চেষ্টা কৰে। বৰ্তমানলৈ এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ইতিমধ্যে ৰেল কৰ্তৃপক্ষ আহি উপস্থিত হৈছে উক্ত স্থানত। জানিব পৰা মতে, ৰেলখনত আছিল মুঠ ৪২টা দবা।