ৰঙিয়াঃ ৰঙিয়াৰ পিতাম্বৰ হাট বজালীত ৰঙিয়া আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ অভিযান। ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজৰ বাসগৃহত আৰক্ষীয়ে চলাই অভিযান।

আৰক্ষী অহাৰ উমান পাই ড্ৰাগছ মাফিয়া ফহিজে পলায়ন কৰিবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি গুলীচালনা কৰিলে । কিন্তু তাৰ পিছতো ঘটনাস্থলীৰ পৰা পলায়ন কৰিলে ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজ।

লগতে পঢ়কঃঢকুৱাখনাত বৃদ্ধক হত্যাৰ চেষ্টা মাতাল যুৱকৰ

আৰক্ষীয়ে অভিযানত প্ৰায় ৩ লাখ ৩০ হাজাৰ টকা মূল্যৰ ৫১ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে ড্ৰাগছ মাফিয়া ফহিজৰ ভগ্নীক আটক কৰে।

উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত কেইবাবাৰো গ্ৰেপ্তাৰ হৈছিল ড্ৰাগছ মাফিয়া ৰেকিব আলী ওৰফে ফহিজ। ইয়াৰ পিছতো কাৰাগাৰৰ পৰা জামিন লাভ কৰিয়ে পুনৰ ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত হৈছিল ৰেকিব আলী ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply