ৰঙিয়া : ৰঙিয়াৰ কলেজ ৰোড নিৰ্মাণৰ নামত ভেকোভাওনা। পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই পথ মেৰামতিৰ সামগ্ৰী লৈ পলায়নৰ চেষ্টা আৰ এম গ্ৰুপ নামৰ দায়িত্বহীন ঠিকাদাৰী সংস্থাৰ। নিৰ্বাচনী চমক হিচাপে অধিসূচনা জাৰি হোৱাৰ পূৰ্বে গুৰুত্বপূৰ্ণ পথটোৰ আধাৰশিলাৰ শুভ উদ্বোধন কৰিছিল সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী, বৰ্তমানৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই।
এচ ও পি ডি জি ২০২১-২০২১ বৰ্ষৰ শিতানৰ অধীনত প্ৰায় ৩১ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ৰঙিয়া মহাবিদ্যালয় সংযোগী পথটোৰ আধাৰশিলা স্থাপনৰ চাৰি মাহ পিছতো এক শতাংশ পথ মেৰামতিৰ কাম নকৰিলে আৰ এম গ্ৰুপ নামৰ দায়িত্বহীন ঠিকাদাৰী সংস্থাটোৱে। পথটো নিৰ্মাণৰ বাবে ৰাখি থোৱা সামগ্ৰী সমূহ মঙলবাৰে গোপনে লৈ যোৱাৰ চেষ্টা চলায় ঠিকাদাৰজনে।
পথ নিৰ্মাণৰ সামগ্ৰী নিয়াৰ সময়ত ৰাইজে ডি আই বাহনখন আৱদ্ধ কৰে। এক হুলুস্থলীয়া পৰিৱেশৰ মাজত ঠিকাদাৰজন ঘটনাস্থলীত উপস্থিত হয়। ঠিকাদৰজনে ৰাইজক বুজাবলৈ অপ্ৰাণ চেষ্টা চলায় যদিও বছৰ বছৰ ধৰি যাতায়তৰ নামত দুৰ্ভোগ ভোগা ৰাইজে কোনো পধ্যেই মানি নলয় ঠিকাদাৰজনৰ কথা।
লগতে পঢ়ক : অসম-মেঘালয় সীমান্তত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক
অৱশেষত ৰাইজৰ ওচৰত সেও মানি ক্ষমা বিচাৰে ঠিকাদাৰজনে। ঠিকাদাৰজনে ডি আই বাহনৰ পৰা পথ নিৰ্মাণৰ সামগ্ৰী নমাই অতি সোনকালে পথ নিৰ্মাণৰ কাম কৰা হ’ব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে জৰাজীৰ্ণ অৱস্থাত থকা ৰঙিয়া মহাবিদ্যালয় সংযোগী পথটো নিৰ্মাণৰ বাবে ৰাইজে দীর্ঘদিন ধৰি দাবী জনাই আহিছে।