ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত অঘটন। বিদ্যুতৰ তাঁৰত লাগি যুৱকৰ কৰুণ মৃত্যু ঘটে। নিহত যুৱকজন ৰঙিয়াৰ শলমাৰীৰ ইব্ৰাহিম আলী। বিদ্যুতৰ খুটাত উঠি শ্ৰী নৰ্থ ইষ্টৰ ইন্টাৰনেটৰ তাঁৰ সংযোগ কৰি থাকোতে বিদ্যুৎ পৰিবাহী তাঁৰত লগাৰ ফলত তৎমুহুৰ্ততে বিদ্যুতৰ খুটাৰ পৰা পৰি মৃত্যু হয় যুৱকজনৰ।

লগতে পঢ়কঃনকল নোট সৰবৰাহকাৰীক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা

ইফালে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে শ্ৰী নৰ্থ ইষ্টৰ ইন্টাৰনেটৰ ৰঙিয়াৰ distributor গৰাকীৰ বিৰুদ্ধে। ৰঙিয়া আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ চমজি লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply