ৰঙিয়াঃ এটা নিশাতেই ৰঙিয়াৰ তিনিজনকৈ যুৱকৰ ৰহস্যজনক মৃত্যু।
বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত আছিল ৰঙিয়াৰ চাৰিজনকৈ যুৱক ।
নিশা কৰ্মস্থলীৰ কেম্পৰ ভিতৰতে ইয়াৰে তিনিজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ।
লগতে গুৰুতৰভাৱে অসুস্থ অৱস্থাত এজন যুৱকক ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত ।
এই ঘটনাকলৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়কঃচৰাইদেউ জিলাৰ বৰহাটৰ প্ৰবীণ খেলুৱৈ ঘনপ্ৰভা গগৈৰ প্ৰতি সুদৃষ্টি পৰিবনে ৰজাঘৰৰ ?
ৰঙিয়া আৰক্ষীৰ সহযোগত বাইহাটা আৰক্ষীয়ে মৃত অৱস্থাত উদ্ধাৰ কৰিছে যুৱককেইজনক ।
মৃত যুৱককেইজনক ৰঙিয়া তেৰেকুছিৰ বাবুল আলী,নিতেনি গাওঁৰ মজাফৰ হুছেইন আৰু ধূহিৰ ৰাতুল আলী বুলি চিনাক্ত কৰা হৈছে ।
গুৰুতৰভাৱে অসুস্থ হৈ চফিকুল আলী নামৰ আন এজন যুৱকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
কি পৰিস্থিতিত এটা নিশাতেই একেলগতে যুৱকৰ মৃত্যু হল সেয়া এতিয়াও স্পষ্ট হোৱা নাই ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ ।