ৰঙিয়াঃ নিশা ৰঙিয়াত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান। আৰক্ষীৰ অভিযানত আটক দুই ড্ৰাগছ সৰৰাহকাৰী। ইয়াৰে এজনে আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰে। আৰক্ষীৰ গুলীত গুৰুত্বৰ ভাৱে আহত হয় শিলচৰ লক্ষীপুৰৰ বিদ্যুৎ দেৱ ওৰফে বিপ্লৱ নামৰ ড্ৰাগছ সৰবৰাহকাৰীজন। সম্প্ৰতি জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে বিদ্যুৎ ওৰফে বিপ্লৱক।আনজন ড্ৰাগছ সৰবৰাহকাৰী জিংকু দাসক আটক কৰে আৰক্ষীয়ে।
লগতে পঢ়কঃহোজাইত ৩ কোটিতকৈ অধিক মূল্যৰ ড্ৰাগছ জব্দ, ২জনক আটক
মিজোৰামৰ পৰা এখন বলেৰত অধিবক্তাৰ ষ্টিকাৰ লগাই দুই ড্ৰাগছ ব্যৱসায়ীয়ে সৰবৰাহ কৰিছিল ৩.৫ কোটি টকাৰ ড্ৰাগছকেইবাটাও চাবোনৰ কেচত লৈ আহিছিল বৃহৎ পৰিমাণৰ ড্ৰাগছ।
গোপন খবৰৰ ভিত্তিত কামৰূপ আৰক্ষী আৰু ৰঙিয়া আৰক্ষীয়ে ৰঙিয়া বঙালিকুছী ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বলেৰ খনত জব্দ কৰে ড্ৰাগছখিনি।