ৰঙিয়াঃ ৰঙিয়াৰ ধেপাৰগাঁও অঞ্চলত হঠাৎ অহা বানৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথৰ এটা অংশ।

YouTube video

ভগ্ন পথটোৰ ওপৰেৰে বৈছে পানীৰ প্ৰবল সোঁত। অঞ্চলটোত ৰাইজৰ মাজত যোগাযোগ ব্যাহত হৈ যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসী ৰাইজৰ মাজত। বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে ।

এই পথটোৰে চাৰি চকীয়া আৰু গধুৰ যান-বাহনৰ চলাচল সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে। যাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ বহু কেইখন গাঁও।

আৰু পঢ়কঃতামুলপুৰত বৰলীয়া নৈৰ ওপৰত বাঁহৰ সাঁকো উটুৱাই নিলে বাঢ়নী পানীয়ে

আনহাতে উপায়হীন হৈ বাইক আৰু চাইকেলেৰে একাংশ লোকে অতি বিপজ্জনকভাৱে পাৰ হ’বলগীয়া হৈছে এই পথটো।

উল্লেখ্য যে যোৱা বছৰো পুঠিমাৰী নৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত এই পথটো ভাঙি গৈছিল। পিছত পথটো পুনৰ মেৰামতি কৰা হৈছিল যদিও পুনৰ বানে পথটোৰ এটা অংশ উটুৱাই নিয়ে। যাৰ বাবে ৰাইজে মৰণক শৰণ কৰি এই পথটোৰে বিপদসংকুল যাতায়ত কৰিবলগীয়া হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply