ৰঙিয়া : কামৰূপ জিলাৰ ৰঙিয়াত পুনৰ জব্দ ড্ৰাগছৰ। ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে আই-ফোন আৰু চাৰিচকীয়া বাহন।
অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান। ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা অসম আৰক্ষীয়ে ৰাজ্যজুৰি অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই কেইবাটাও বৃহৎ সাফল্য লাভ কৰিছে। উজনিৰ পৰা নামনিলৈকে চলা আৰক্ষীৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ, গ্ৰেপ্তাৰ হৈছে বহু ড্ৰাগছ সৰবৰাহকাৰী।
ৰঙিয়া আৰক্ষীও ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বিভিন্ন সময়ত সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ পুনৰ ৰঙিয়া আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী। ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জব্দ হৈছে প্ৰায় ১০৪ গ্ৰাম নিষিদ্ধ ড্ৰাগছ। লগতে গ্ৰেপ্তাৰ হৈছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰী যুৱক।
ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনৰ কবলৰ পৰা জব্দ হৈছে আই-ফোন আৰু চাৰিচকীয়া বাহন। জব্দ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য ১০ লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনে ড্ৰাগছখিনি লৈ গৈ থকা অৱস্থাত ৰঙিয়াৰ বালাগাঁৱত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আৰক্ষীৰ অভিযানত ধৰা পৰে।
লগতে পঢ়ক : ভাৰতীয় জনতা পাৰ্টীত যােগদান কংগ্ৰেছী নেতা অনিল ৰাজা, পংকজ বৰবৰাৰ
ধৃত ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজনে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যাৱসায়ৰ লগত জড়িত থকা বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী যুৱক দুজন কানিকুছিৰ আচিকুৰ ৰহমান আৰু কৰিয়াৰাৰ আলম
আলী। ড্ৰাগছসহ হাতে-লোটে ধৰা পৰা সৰবৰাহকাৰী যুৱক দুজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।