ৰঙিয়াঃ অসম আৰক্ষীৰ বৃহৎ সাফল্য। শুকুৰবাৰে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিজন লোকক। লগতে আৰক্ষীয়ে এজন মানৱ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হৈছে। আটক কৰা সৰবৰাহকাৰী জন ৰঙিয়াৰ ৰাহুল আলী বুলি জানিব পৰা গৈছে। ৰাহুল দীৰ্ঘদিন ধৰি মানৱ সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত হৈ বুলি জানিব পৰা গৈছে।

বহিঃৰাজ্যত চাকৰিৰ দিয়াৰ প্রতিশ্রুতিৰে ধৃত ৰাহুলে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ নিবনুৱাক প্রলোভিত কৰি মানৱ সৰবৰাহকাৰী চক্ৰত বিক্ৰী কৰে৷ আৰক্ষীয়ে উদ্ধাৰ কৰা লোককেইজনক কাশ্মীৰত চাকৰি দিম বুলি লৈ যোৱাৰ কথা আছিল। আৰক্ষীয়ে উদ্ধাৰ কৰা এই ৩ গৰাকী লোকৰ এগৰাকীৰ ঘৰ নাহৰকটীয়াৰ আৰু আন দুগৰাকী ত্ৰিপুৰা আৰু মেঘালয়ৰ।

ৰঙিয়া আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ পৰা ব্যক্তিকেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply