ৰঙিয়া : অৱশেষত ৰাইজৰ হেঁচাত টোপনি ভাঙিল ৰঙিয়া আৰক্ষীৰ। ইমান দিনে চকু মুদা কুলিৰ ভাও ধৰা ৰঙিয়া আৰক্ষীয়ে চকু মেলিলে। টোপনিৰ পৰা সাৰপাই কামত লাগিল ৰঙিয়া আৰক্ষী। আৰম্ভ কৰিলে ড্ৰাগছ বিৰোধী অভিযান।
যি সময়ত ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষীয়ে মাৰাত্মক ড্ৰাগছৰ বিৰোধী জেহাদ ঘোষণা কৰিছে, যি সময়ত প্ৰতিখন জিলাৰ আৰক্ষীয়ে নিজ নিজ জিলাক ড্ৰাগছ মুক্ত কৰি তুলিবলৈ উঠি পৰি লাগিছে সেই সময়তে কামৰূপ জিলাৰ আৰক্ষী গভীৰ নিদ্ৰাত ব্যস্ত। বিশেষকৈ জিলাখনৰ ৰঙিয়া আৰক্ষীৰ নাকৰ তলতে ড্ৰাগছৰ অবৈধ বেহা চলি থকাৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে ৰঙিয়া আৰক্ষী।
ইমান দিন চকু মুদি টোপনিৰ ভাও ধৰা ৰঙিয়া আৰক্ষী চকু মেলিবলৈ বাধ্য হ’ল। ৰাইজৰ প্ৰবল হেঁচাত টোপনিৰ পৰা সাৰপাই ড্ৰাগছৰ বিৰোধী অভিযান চলাবলৈ বাধ্য হ’ল ৰঙিয়া আৰক্ষী। ৰঙিয়াবাসী ৰাইজৰ হেঁচাত ৰঙিয়া আৰক্ষীয়ে দেওবাৰে ৰঙিয়াৰ বালাগাঁৱত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
বালাগাঁৱৰ মনোৱাৰ আলী ওৰফে মনো নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মনোৱাৰ আলীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে মনোৱাৰ আলীক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : একমাত্ৰ চিকিৎসকজন আক্রান্ত ক’ভিডত : চিকিৎসক অবিহনে চলিছে চিকিৎসালয়
উল্লেখ্য যে কিছুদিন পূৰ্বে ৰঙিয়াত ড্ৰাগছ আসক্ত এজন যুৱকক ৰাইজে চোৰ কৰি থকা অৱস্থাত আটক কৰি আৰক্ষীক গতাই দিছিল। ড্ৰাগছ আসক্ত যুৱকজনক ৰাইজে আটক কৰাৰ পিছতে ৰাইজে ৰঙিয়া চহৰখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীক হেঁচা প্ৰদান কৰি আহিছিল। ৰাইজৰ হেঁচাত আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে। ৰঙিয়াৰ পৰা ড্ৰাগছৰ শিপা সম্পূৰ্ণ ৰূপে উভালি পেলাবলৈ ৰাইজে আৰক্ষীক দাবী জনাইছে।