ৰঙিয়াঃ ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। ছাত্ৰ-ছাত্ৰীক বিদ্যালয়খনৰ শিক্ষকে অশ্ৰাব্য গালি-গালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে। ফলত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী। ইফালে প্ৰতিদিনে বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে উপযুক্ত পাঠ গ্ৰহণৰ পৰা বঞ্চিত হৈছে সকলো ছাত্ৰ-ছাত্ৰী। উপায় বিহীন হৈ ৰাইজে অৱশেষত দুয়োগৰাকী শিক্ষকক ঘেৰাও কৰি জবাবদিহি কৰে। কিন্তু শিক্ষক বসন্ত কুমাৰ বনিয়াই ছাত্ৰ-ছাত্ৰীক অশালীন ব্যৱহাৰ নকৰে বুলি এই অভিযোগ নস্যাৎ কৰে।

আনহাতে এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা মাত্ৰ দুজন। ১৯৫২ চনতে স্থাপন হোৱা বিদ্যালয়খনত বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৫৭ গৰাকী। অতিষ্ঠ ৰাইজে কৰ্মত গাফিলতি কৰা এই দুগৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ইয়াৰ পৰা বদলি কৰি অন্য শিক্ষক নিযুক্ত কৰিবলৈ আহ্বান জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply