ৰঙিয়া : ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত অঘটন । জ্যেষ্ঠ ছাত্ৰৰ দলবদ্ধ আক্ৰমণ কণিষ্ঠ ছাত্ৰক । সোধপোছৰ বাবে আটক দহজনকৈ ছাত্ৰক । বিদ্যালয়ৰ ছাত্ৰাবাসৰ কোঠাৰ দুৱাৰ বন্ধ কৰি নিৰ্মমভাৱে প্ৰহাৰ কণিষ্ঠ ছাত্ৰক ।

জ্যেষ্ঠ ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাত পাইছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰই । দ্বাদশ শ্ৰেণীৰ দহগৰাকী ছাত্ৰই বিদ্যালয় চৌহদৰ ভিতৰতে দলবদ্ধভাৱে দশম শ্ৰেণীৰ ছাত্ৰক প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত ।

ভুক্তভোগী ছাত্ৰজন ৰঙিয়া ব্ৰিকফিল্ড কলনিৰ । গুৰুতৰভাৱে আহত ছাত্রজনৰ অভিভাৱকে ন্যায় বিচাৰি ৰঙিয়া আৰক্ষীৰ কাষ চাপে । ঘটনাস্থলীত উপস্থিত হৈছে ৰঙিয়া আৰক্ষীৰ দল । ঘটনা সন্দৰ্ভত দহজন ছাত্ৰক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে ।

কি পৰিস্থিতিত এই ঘটনা সংঘটিত হল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । অৱশ্যে এগৰাকী ছাত্ৰীক গালি দিয়াৰ অভিযোগত দশম শ্ৰেণীৰ ছাত্ৰজনক আক্ৰমণ কৰা বুলি উল্লেখ কৰিছে অভিযুক্ত ছাত্ৰকেইজনে । ইফালে গুৰুতৰভাৱে আহত ছাত্রজনক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply