ৰঙিয়াঃ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা হাউছফেডৰ অধ্যক্ষ ভৱেশ কলিতাই বৃহস্পতিবাৰে ৰঙিয়া উপ-কোষাগাৰৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি ৰাইজৰ সেৱাত উছৰ্গা কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিধায়কগৰাকীয়ে কয় যে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই উপ-কোষাগাৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে ৰঙিয়া মহকুমাৰ ৰাইজ যথেষ্ট উপকৃত হোৱাৰ লগতে বিশেষকৈ মহকুমাটোৰ অন্তৰ্গত বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলৰ চৰকাৰী কাম-কাজ সময়মতে আৰু সূচাৰুৰূপে সম্পাদন কৰাত সহায়ক হ’ব। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে চৰকাৰী কাৰ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথোচিত গুৰুত্ব প্ৰদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে।
লগতে পঢ়কঃমই মৰি গ’লেও বিজেপিত যোগদান নকৰোঃ অখিল গগৈ
বিধায়কগৰাকীয়ে কাৰ্যালয়টোৰ তিনিওটা মহলা পৰিদৰ্শন কৰাৰ লগতে উছৰ্গাকৃত মনোভাবেৰে ৰাইজৰ সেৱাত ব্ৰতী হ’বলৈ কোষাগাৰৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায়।
এই অনুষ্ঠানত ৰঙিয়াৰ মহকুমাধিপতি ৰাহুল জাবিৰ সুৰেশ, কামৰূপ জিলা কোষাগাৰ বিষয়া চন্দনা গোস্বামী, সহকাৰী আয়ুক্ত চম্পক ডেকা, ৰঙিয়াৰ কোষাগাৰ বিষয়া হীৰামণি বৰ্মনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল তথা ৰঙিয়া উপ-কোষাগাৰৰ বিষয়ববীয়াসকল উপস্থিত থাকে।