ৰঙিয়া : ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত উদণ্ড ট্ৰাক চালকৰ তাণ্ডৱ। এফালৰ পৰা মহতিয়াই লৈ গ’ল কেইবাখনো চাৰিচকীয়া বাহন, কুৰিখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ১৫ টাতকৈ অধিক বিদ্যুতৰ খুটা। কথমপি প্ৰাণ ৰক্ষা বহু লোকৰ।

মঙলবাৰে ভূটানৰ পৰা ৰঙিয়া অভিমুখে আহি থকা বিপি-২এ-৭১৯৬ নম্বৰৰ এখন ট্ৰাকে এফালৰ পৰা মহতিয়াই লৈ যায় কেইবাখনো চাৰিচকীয়া বাহন, কুৰিখনতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ১৫ টাতকৈ অধিক বিদ্যুতৰ খুটা। যাৰ ফলত ঠায়ে ঠায়ে চৰ্ত-চাৰ্কিট হৈ কম বেছি পৰিমাণে অগ্নিকাণ্ড সংঘটিত হয়। লগতে দুৰ্ঘটনাটোত গো-ধনৰো মৃত্যু হয়।

উদণ্ড ট্ৰাক চালকৰ তাণ্ডৱত এক আতংকময় পৰিৱেশ বিৰাজ কৰে সমগ্ৰ ৰঙিয়া নগৰত। প্ৰায় দুই কিলোমিটাৰ এনেদৰেই এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত কৰি বহু পৰিমাণৰ ক্ষয় ক্ষতি কৰে ট্ৰাক চালকজনে। ইফালে দুৰ্ঘটনাটোত ৰঙিয়া নগৰৰ ১৫ টাতকৈ অধিক বিদ্যুতৰ খুঁটা ভাঙি চুৰ্ণ বিচুৰ্ণ হোৱাত ৰঙিয়া নগৰখন অন্ধকাৰময় হৈ পৰে।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : দুলীয়াজানস্থিত অইল ইণ্ডিয়াত ২৫ টা পদত নিযুক্তি সৃষ্টি

দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকচালকজনক আটক কৰি থানালৈ লৈ আহে। ৰাইজৰ অভিযোগ আৰক্ষী প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে উদণ্ড ট্ৰাক চালক সকলক নাকী লগোৱাৰ ক্ষেত্রত। যাৰ সুযোগ গ্ৰহণ কৰি ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত এই ধৰণে তাণ্ডৱ চলাই আছে উদণ্ড ট্ৰাক চালক সকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply