নিউজ ডেস্কঃ ৰঞ্জন দৈমাৰী এতিয়া শেষ ভৰসা উচ্চতম ন্যায়ালয়। যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা মুক্তি বিচাৰি ৰঞ্জন দৈমাৰী এতিয়া দ্বাৰস্থ হৈছে দেশৰ সর্বোচ্চ ন্যায়ালয়ৰ ওচৰত।
মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অজয় ৰস্তোগি আৰু ন্যায়াধীশ বেলা এম ত্রিবেদীৰ বিচাৰপীঠে প্ৰাক্তন বিদ্রোহী সংগঠন এন ডি এফ বি (আৰ)ৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ আবেদনৰ শুনানি গ্ৰহণ কৰে। আবেদনৰ সৈতে দিয়া কিছু টোকা স্পষ্ট নোহোৱাৰ বাবে বিচাৰপীঠে দুসপ্তাহৰ পিচত ইয়াৰ পৰৱৰ্তী শুনানি দিন ধাৰ্য কৰে।
উল্লেখযোগ্য য়ে, ২০০৮ চনত অসমৰ গুৱাহাটী, বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক চি বি আইৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ বাবে ৰায়দান দিছিল।
একেই ৰায়দান তথা চি বি আইৰ আদালতৰ ৰায়দানকে গুৱাহাটী উচ্চ ন্যায়ালয়েও বাহাল ৰাখে। যাৰ বাবে ৰঞ্জন দৈমাৰীয়ে চি বি আইৰ তদন্ত আৰু ৰায়দানৰ বিৰুদ্ধে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হৈছে।
উক্ত ধাৰাবাহিক বোমা বিস্ফোৰণত ৮১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭০ জন লোক আহত হৈছিল। ৩০ অক্টোবৰত হোৱা এই ভয়ংকৰ বোমা বিস্ফোৰণৰ দিনটোক অসমে এতিয়া প্ৰত্যেক বছৰে “কলা দিৱস” হিচাপে পালন কৰে।
লগতে পঢ়ক – তিনিচুকীয়া-নতুন দিল্লী পথত বন্দে ভাৰত ৰে’লৰ দাবী কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ