নিউজ ডেস্কঃ ৰাজ্যসভালৈ মনোনীত হোৱা ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গঢ়িলে এক অদ্ভুত অভিলেখ।

২০২০ বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যসভালৈ মনোনীত হোৱা গগৈয়ে বিগত তিনিটা বছৰত সদনত মাত্ৰ বৰ্তমান লৈকে ২৯ শতাংশে উপস্থিত আছে। যিটো ৰাজ্যসভাৰ সকলো সাংসদ সদস্যৰ তুলনাত একেবাৰে কম।

সদনৰ উপস্থিতৰ তখা বাদ দিলেও প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে তিনিবছৰত সদনৰ আঠটা অধিৱেশনত অথবা কোনো ধৰণৰ বিতৰ্কতো অংশ লোৱাটো বাদেই এটা প্ৰশ্নও কৰা নাই ।

ৰাজ্যসভাৰ চৰকাৰী পৰ্টেলত প্ৰকাশিত তথ্য অনুসৰি তেওঁ কোনো ব্যক্তিগত বিধেয়ক উত্থাপন নকৰাৰ লগতে পৰ্টেলত সাংসদজনৰ ৰেকৰ্ডৰ “মোৰ অংশগ্ৰহণ” (My participation) শাখাত – য’ত অডিঅ’ আৰু ভিডিঅ’ ক্লিপবোৰ চাব পাৰি কোনো ৰেকৰ্ড পোৱা নাই বুলি কোৱা হৈছে।

উল্লেখ্যযোগ্য যে, ৰাজ্যসভালৈ মনোনীত হোৱাৰ পিছত গগৈয়ে এক সাক্ষাতকাৰত কৈছিল যে, বিধায়িনী দল আৰু ন্যায়পালিকাই ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে একেলগে কাম কৰিব লাগিব যাৰ বাবে তেওঁ ৰাজ্যসভালৈ মনোনয়নৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply