ৰঞ্জিত কুমাৰ দাসে

অসম চৰকাৰৰ ১ লাখ চৰকাৰী চাকৰিক বৃহৎ ঘোষণাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে অসমৰ প্ৰত্যেকটো বিভাগ। আজি সংবাদমেলযোগে অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে নিজৰ বিভাগত থকা খালি পদৰ সংখ্যা।

পাঞ্জাবাৰীত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত মন্ত্ৰী গৰাকীয়ে জনাই,
গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত এই পৰ্যন্ত খালি আছে তৃতীয় বৰ্গৰ ২৩০৪ টা পদ ইয়াৰে ১০০৪ টা পদ স্থায়ী আৰু বাকী ১৩০০ টা পদ ঠিকাভিত্তিক,চতুৰ্থ বৰ্গত খালি আছে ৩৫০ টা পদ ।

গ্ৰামাঞ্চলত ক’ভিড নিয়ন্ত্ৰণৰ বাবে আমাৰ গাঁও, আমি ক’ভিড জিনিম শীৰ্ষক আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে।
৩০৪খন পঞ্চায়ত ক’ভিডমুক্ত হৈ আছে।
গণ আন্দোলনৰ মাধ্যমেৰে গ্ৰামাঞ্চলত ক’ভিড-১৯ প্ৰতিৰোধ কৰিবলৈ গ্ৰামোন্নয়ন বিভাগে বিভিন্ন ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিছে।
প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডিচিতে একোটাকৈ যুদ্ধ কক্ষ স্থাপন কৰা হৈছে।

প্ৰতিখন গাঁও পঞ্চায়ত আৰু ভিচিডিচিতে চেনিটাইজ্যেচনৰ কাম হাতত লোৱা হৈছে।
পিছপৰা লোকৰ মাজত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হৈছে। গাঁৱত থকা ক’ভিড পজিটিভ পৰিয়ালক সাহায্য বিতৰণ কৰা হৈছে।
কম দিনৰ ভিতৰতে আমি সম্পূৰ্ণ গ্ৰামাঞ্চল ক’ভিড মুক্ত বুলি গৌৰৱেৰে ক’ব পাৰিম। ক’ভিড প্ৰতিৰোধৰ লগতে আৰ্থিক সকাহ প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি ধৰি ৰাখিবলৈ যত্ন কৰা হৈছে।
গ্ৰামাঞ্চলত মহামাৰীৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি উঠিছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক মাইক্ৰ ফাইনেঞ্চৰ পৰা ঋণ লৈ একাংশ ব্যৱসায়ীৰ সফলতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply