নিউজ ডেস্কঃ ৰঞ্জী ট্ৰফীত দিল্লীৰ বিৰুদ্ধে অসম স্থিতি কিছু নিম্নগামী হৈছিল যদিও দলটোৰ মিডল আৰু টেইন অৰ্ডাৰৰ পৰাক্ৰমী স্থিতিয়ে খেলখনত অসম জয়ী হোৱাৰ আশা উভতাই আনিছে। 

প্ৰথম ইনিংছত ১০ টা উইকেট হেৰুৱাই দিল্লীয়ে সংগ্ৰহ কৰিছিল ৪৩৯ ৰান। কিন্তু তাৰ বিপৰীতে প্ৰথম ইনিংছত অসমে ৪ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল ৬০ ৰান। 

পাছলৈ প্ৰথম ইনিংছত অসমে ৯টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ৪৪৩ ৰান। অসমক খেলখনত আগুৱাই নিয়াত বিশেষ ভূমিকা লৈছে বেটছমেন ঋষভ দাসে।

ঋষভে ১৬০ ৰান সংগ্ৰহ কৰে ২২৭ টা বলত। ইফালে, গকুল শৰ্মাই ২৯৯টা বলত সংগ্ৰহ কৰে ১৪০ ৰান।  অৱশ্যে এতিয়াও প্ৰায় ১৫৮ ৰানৰ অগ্ৰগতি লাভ কৰি আছে দিল্লীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply