গুৱাহাটী : কাইলৈ গুৱাহাটী বিজেপি বিধায়িনী দলৰ বৈঠক, এই বৈঠকতে ঘোষণা হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কাইলৈ দিনৰ ১২ বজাত আৰম্ভ হোৱাৰ কথা বিধায়িনী দলৰ বৈঠকৰ। এই বিধায়িনী দলৰ বৈঠকত অংশ ল’বৰ বাবে আজি নিশাই বিজেপিৰ চাৰিজনকৈ কেন্দ্ৰীয় নেতা গুৱাহাটীলৈ অহাৰ কথা।
বিজেপিৰ কেন্দ্ৰীয় নেতা সকলৰ ভিতৰত আছে বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ, অৰুণ সিং কেন্দ্ৰীয় মন্ত্ৰী নৰেন সিং টোমৰ আৰু অসমৰ তত্বাবধায়ক বৈদয়ন্ত জয় পাণ্ডা। অসম বিজেপিৰ সভাপতি ৰঞ্জিত দাসে আজি নিশা বিধানসভাৰ সচিবালয়ত বিধায়িনী দলৰ সভাৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়।
সভাপতি ৰঞ্জিত দাসে প্ৰস্তুতি সম্পৰ্কে জনাই কয় যে “কেন্দ্ৰীয় নেতৃত্বই কাইলৈ বিধায়িনী দলৰ বৈঠক হোৱাৰ কথা জনাইছে, সেইবাবেই প্ৰস্তুতিৰ বুজ ল’বলৈ আহিছো”। উল্লেখ্য যে আজিৰ দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জে পি নাড্ডাৰ বাসগৃহত আলোচনাৰ অন্তত কাইলৈ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়।