গুৱাহাটী– ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিক উন্নয়নৰ শিখৰলৈ তুলি নিয়াৰ প্রতিশ্ৰুতি প্রদান কৰি সমষ্টিটোৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে ভাৰতীয় জনতা পাৰ্টিৰ, অসম গণ পৰিষদ আৰু ইউ পি পি এল মিত্ৰজোঁটৰ প্রাথী তথা ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে।

অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীত বজালী মহকুমাক জিলা ঘোষণা কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে ইতিমধ্যে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপক নতুন মাত্ৰা প্ৰদান কৰা বুলি উল্লেখ কৰে ৰণজিৎ কুমাৰ দাসে।

প্ৰাৰ্থীগৰাকীয়ে সমগ্ৰ ৰাজ্যখনৰ জনসাধাৰণক ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্রজোঁটৰ পক্ষত ভোট প্রদান কৰি ৰাজ্যবাসীক সেৱা কৰাৰ সুযোগ দিবৰ বাবে নিবেদন জনাইছে।

বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় প্রতিষ্ঠাৰে বিজেপি নেতৃত্বাধীন ৰাজ্যৰ সোণোৱাল চৰকাৰে অঞ্চলটোক শিক্ষাৰ নাভিকেন্দ্ৰ হিচাপে গঢ় দিবলৈ আপ্ৰাণ চেষ্টা চলাইছে বুলি উল্লেখ কৰে সমষ্টিটোৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে।

বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে পাটাছাৰকুছি বিধানসভা সমষ্টিৰ ডুমুৰীয়া গাওঁ পঞ্চায়ত, ডুবি পৰিহৰেশ্বৰ দেৱালয়, টিহুদেখাটা বামুণকুছি, বৰভালুকী বালিপাৰা,পাটাছাৰকুছি টাউন,পাটাছাৰকুছি,নিত্যানন্দ, মৰিপুৰ আনন্দপুৰ,মাণিকপুৰ, শাঠিশামুকা,বাঘমাৰা বন্ধসিধনি,সাদেৰী,বৰবাং আৰু মুগুৰীয়াকে ধৰি বিভিন্ন অঞ্চলত নিৰ্বাচনী প্রচাৰ চলায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply