গুৱাহাটীঃ খাদ্য সুৰক্ষা আইনৰ অধীনৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনিত অসমো অন্তৰ্ভুক্ত হ’ল।
এক ৰাষ্ট্ৰ, এক ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্য হিতাধিকাৰীয়ে bio metric পদ্ধতিৰ জৰিয়তে দেশৰ যিকোনো স্থানত খাদ্যসামগ্ৰী ক্ৰয় কৰিব পাৰিব বুলি শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক সংবাদ মেলত জনাই খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
আজিৰে পৰা অত্যাধুনিক মেচিন ব্যৱহাৰ হ’ব যোগান বিভাগত। বায়মেট্ৰিক পদ্ধিতত হ’ব ৰেচন কাৰ্ড। এই মেচিনৰ যোগেদি দেশৰ যিকোনো স্থানৰ পৰা ৰেচন ল’ব পাৰিব।
লগতে পঢ়কঃড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত অসম আৰক্ষীৰ সফলতা
অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমানলৈকে ৩৩,৯৭৮খন সুলভ মূল্যৰ দোকান আছে, য’ত এই পৰ্যন্ত ৫,৮৯,০৯২৭ টা পৰিয়ালে ৰেচন কাৰ্ডৰ জৰিয়তে নিজৰ নামত অহা খাদ্যসামগ্ৰী ক্ৰয় কৰি আছে।
ৰাজ্যত কিছুমান অসাধু ব্যক্তিয়ে ৰেচন কাৰ্ডৰ যোগেদি সামগ্ৰী লৈ আহিছিল । এই পদ্ধতিৰে ৰাজ্যৰ ভুৱা হিতাধিকাৰী সকলক চিনাক্ত কৰা হ’ব। অযোগ্য হিতাধিকাৰীৰ নাম নিজে নিজেই কর্তন হব । সূলভ মূল্যৰ দোকানীয়ে ৫ বছৰৰ বাবে ল’ব লাগিব এই বিশেষ ডিভাইচ।
ৰেচন কাৰ্ডৰ ব্যৱস্থাটো অধিক স্বচ্ছ আৰু নিকা কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও।
পিছে ৰেচন পাবলৈ হ’লে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে।
ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন (National Food Security Act)ৰ অধীনত সকলো প্ৰব্ৰজনকাৰী হিতাধিকাৰীক বায়’মেট্ৰিক প্ৰমাণীকৰণৰ দ্বাৰা একত্ৰিত কৰি দেশৰ যিকোনো চৰকাৰী সুলভ মূল্যৰ দোকানৰ পৰা ৰেচন কাৰ্ড ব্যৱহাৰ কৰি সামগ্ৰী ক্ৰয় কৰাৰ অধিকাৰ লাভ কৰিব পাৰিব ৷