মঙলদৈঃ ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত অসমলৈ পুনৰ সুনাম কঢ়িয়াই আনিলে মঙলদৈৰ জীয়ৰী ৰঞ্জিতা বৰুৱাই। ১৮,১৯আৰু২০ আগষ্ট ২০২২ তাৰিখে জম্মু-কাশ্মীৰৰ সোনমাৰ্গত অনুষ্ঠিত হৈ যোৱা ৪৪তম ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা (44th National Arm Wrestling Championship )ত মঙলদৈ উপহুপাৰাৰ গাঁৱৰ কুমাৰী ৰঞ্জিতা বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰি ৫৫ কেজি শাখাত প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰিও ৰঞ্জিতাৰ মাতৃ ৰঞ্জু বৰুৱাই ৬০ কেজি শাখাত তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক লাভ কৰি মঙলদৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে।
উল্লেখ্য যে, বিগত জুলাই মাহত নগাঁও জিলা পুথিভঁড়ালত অনুষ্ঠিত হোৱা ৰাজ্যিক পাঞ্জা চেম্পিয়নশ্বিপত দুয়োগৰাকীয়ে সফলতা অৰ্জন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply