গোৰেশ্বৰ : বিগত সময়ছোৱাত এটাৰ পিছত আনটো ধর্ষণৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য। একপ্ৰকাৰ প্ৰতিদিনে ৰাজ্যত সংঘটিত হৈছে জঘন্য ধর্ষণকাণ্ডৰ ঘটনা। কিছুদিন পূৰ্বে কোকৰাঝাৰ জিলাত দুগৰাকী নামাবলিকা আৰু মৰিগাঁও জিলাৰ লাহৰীঘাটত এগৰাকী ৯ বছৰীয়া কন্যা শিশুৰ ধর্ষণ আৰু হত্যাৰ জঘন্য ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতে পুনৰ এক ধর্ষণৰ অপচেষ্টাৰ ঘটনা পোহৰলৈ আহিছে।

এইবাৰ স্থান হৈছে বাক্সা জিলাৰ গোৰেশ্বৰ। গোৰেশ্বৰত নদীত গা ধুৱলৈ যোৱা এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলালে এজন যুৱকে। গোৰেশ্বৰৰ বালাহাটীৰ কনক দাস নামৰ এজন যুৱকে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি নদীত গা ধুৱলৈ যোৱা এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলায়।

লগতে পঢ়ক : ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আৰক্ষী বিষয়া নিলাভজ্যোতি নাথৰ বিৰুদ্ধে

নাবালিকা জনীয়ে কোনোমতে নিজকে ৰক্ষা কৰি ঘৰৰ পৰিয়ালৰ আগত সমষ্ট ঘটনা অৱগত কৰাত পৰিয়ালৰ লোকে গোৰেশ্বৰ আৰক্ষী থানাৰ কাষ চাপিছে। নাবালিকা জনীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোৰেশ্বৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ধৰ্ষণৰ অপচেষ্টা চলোৱা কনক দাসক। গোৰেশ্বৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply