ৰঙাপাৰা : পুনৰ এক জঘন্যকাণ্ড। পুনৰ এগৰাকী কিশোৰীক লক্ষ্য কৰি নিলে এজন লম্পটে। শোণিতপুৰ জিলাত সংঘটিত হৈছে এক জঘন্যকাণ্ড। লম্পট শিক্ষকৰ কামনাৰ বলি হৈছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী।
শোণিতপুৰ জিলাৰ ৰঙাপাৰাত এজন লম্পট শিক্ষকে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধর্ষণ কৰিলে পঞ্চম শ্ৰেণীৰ ছাত্ৰীক। লম্পট শিক্ষকজনৰ নাম কিৰণ বৰা। নিজ বিদ্যালয়ৰ ১২ বছৰীয়া কিশোৰীক কামনাৰ বলি বনালে কিৰণ বৰাই।
ৰঙাপাৰাৰ বলিপাৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ২ নং ৰৌনাথপুৰ প্ৰাথমিক বিদ্যালয়ত যোৱা ২৯ ডিচেম্বৰত কিৰণ বৰা নামৰ লম্পট শিক্ষকজনে বিদ্যালয়ত কোনো নথকাৰ সুযোহত পঞ্চম শ্ৰেণীৰ ছত্ৰীক ধর্ষণ কৰে। এই জঘন্যকাণ্ডৰ পিছৰে পৰা পলাই আছিল কিৰণ বৰা।
লগতে পঢ়ক : হেলমেট পৰিধান কৰা লোকক চকলেট উপহাৰ চৰাইদেউ আৰক্ষীৰ
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰাত আৰক্ষী অভিযান চলাই কিৰণ বৰাক গোলাঘাটত গ্ৰেপ্তাৰ কৰে। কিৰণ বৰা নামৰ লম্পটজনৰ ঘৰ গোলাঘাট জিলাৰ কমৰাবন্ধাত।