লখিমপুৰ : ৰাজ্যত পুনৰ ৮ বছৰীয়া কন্যাক ধৰ্ষণৰ অপচেষ্টা। লখিমপুৰৰ হাৰমতিৰ কাঠনীত সংঘটিত হৈছে এই জঘন্য ঘটনা। হাত-ভৰি বান্ধি ৮ বছৰীয়া কন্যাক ধৰ্ষণৰ অপচেষ্টা এজন লোকৰ।
৮ বছৰীয়া কন্যাক ধৰ্ষণৰ অপচেষ্টা চলোৱা লোকৰ জনৰ নাম পূর্ণ দাস। ইতিমধ্যে পূৰ্ণ দাসক গ্ৰেপ্তাৰ কৰিছে হাৰমতি আৰক্ষীয়ে। স্কুলৰ পৰা ঘৰলৈ আহি থাকোতে পূৰ্ণ দাসে ফুচুলাই ঘৰলৈ নি হাত-ভৰি বান্ধি ধৰ্ষণৰ অপচেষ্টা চলাইছিল ৮ বছৰীয়া কন্যাক।
লগতে পঢ়ক : নাগালেণ্ডৰ অ’টিংবস্তিত সেনাৰ গুলীত নিহতৰ ৰাজহুৱা অন্ত্যোষ্টিক্ৰীয়া
কন্যাজনীয়ে চিঞৰত ঘটনাস্থলীত সমৱেত হয় স্থানীয় লোক। পূৰ্ণ দাসে কামুৰি ছিগিলে কণমানি জনীৰ গাল। দোষী পূৰ্ণ দাসক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাইছে ৰাইজে।