গোৰেশ্বৰঃ বৰনদী অভয়াৰণ্যৰ গাতে লাগি থকা অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাবে চিহ্নিত হোৱা বগামাটীৰ গভীৰ অৰণ্যত শেহতীয়াকৈ উদ্ধাৰ হৈছে এটি দুস্প্ৰাপ্য কাছ ।

সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ ভাৰত – ভূটান সীমান্তৰ বৰনদী অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰ্যয়ো অতুলনীয়।

এই দুস্প্ৰাপ্য প্ৰজাতিৰ কাছটো ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ ১ নং তালিকা ভুক্ত বামুণী দুৰা বা তিনিসীৰীয়া শিল দুৰা বুলি প্ৰাণীবিশেষজ্ঞ সকলে চিনাক্ত কৰিছে ।

বগামাটিত এজন স্থানীয় ব্যক্তিয়ে দুস্পাপ্য কাছটো অৰণ্যৰ পৰা ওলাই অহা প্ৰত্যক্ষ কৰি আৰু ইয়াক উদ্ধাৰ কৰি বগামাটী বনভোজথলীত থকা জুলিমা ডেকা, পূৰ্ণ ডেকাৰ নেতৃত্বত পৰিচালিত “গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ” নামৰ প্ৰকৃতি সুৰক্ষাৰ সৈতে অহৰহ জড়িত হৈ থকা বেচৰকাৰী সংস্থাটোৰ কৰ্মকৰ্তাসকলৰ হাতত হস্তান্তৰ কৰে ।

লগতে পঢ়কঃমহানগৰীৰ বশিষ্ঠত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিকাণ্ড

বৰনদী অভয়াৰণ্যৰ বনকৰ্মীৰ এটি দলৰ হাতত আজি পৰ্যটক হিচাপে বগামাটিত উপস্থিত থকা এগৰাকী কবি তথা ৰাইজৰ দলৰ সম্পাদক কমল কুমাৰ মেধীৰ উপস্থিতিত এই দুস্প্ৰাপ্য কাছটো হস্তান্তৰ কৰে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ কৰ্তৃপক্ষই ৷

উক্ত কাৰ্যৰ বাবে বেচৰকাৰী সংস্থাৰ কৰ্মকৰ্তা সকলক বনবিভাগে ধন্যবাদ জ্ঞাপন কৰে লগতে বৰনদী অভয়াৰণ্যৰ বগামাটি পৰ্যটন থলীৰ অন্তৰৰ্ভাগত বহু দুষ্প্ৰাপ্য প্ৰজাতি বন্যপ্ৰাণীৰ অৱস্থান ধৰা পৰাত উৎফুল্লিত বনবিভাগ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply