সোণাৰি : ৰাজ্যজুৰি ৰাস মহোৎসৱকলৈ ব্যাপক ব্যস্ততা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিৰ চফ্ৰাইত শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। বৰ্তমান ৰাসৰ আখৰালৈ ব্যস্ত সকলো। সোণাৰিত তুংগত উঠিছে ৰাসৰ আখৰা।

শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী। এই শৰৎ কালৰ পূৰ্ণিমা জোনাক ৰাতি কৃষ্ণৰ সুমধুৰ বাঁহীৰ সুৰত মতলীয়া হ’ব সকলো। ৰাস মহোৎসৱৰ আখৰা প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যবাসীয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সোণাৰিৰ চফ্ৰাইতো শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে।

চফ্ৰাই মোহনগাঁওস্থিত ৰজাপুখুৰী সাৰ্বজনীন বৰনামঘৰত অহা ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰ পর্যন্ত চাৰিদীনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ’ব ৰাস মহোৎসৱৰ। ৭৬ বছৰত ভৰি দিয়া এই ৰাস মহোৎসৱ এইবাৰ হীৰকজয়ন্তী বৰ্ষ হিচাপে উদযাপন কৰা হ’ব। উল্লেখ্য যে বিগত বৰ্ষত ক’ভিডৰ বাবে ৰাস মহোৎসৱ উদযাপন কৰিব পৰা নাছিল উদযাপন সমিতিয়ে।

লগতে পঢ়ক : নাজিৰাৰ ইউনিটি ব্লাড ড’নাৰ গ্ৰুপৰ প্ৰসংশনীয় পদক্ষেপ

এইবাৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণত থকাৰ বাবে অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱৰ বাবে ইতিমধ্যে আখৰা অব্যাহত ৰখা হৈছে। ইফালে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি নামঘৰ পৰিচালনা সমিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply