তেজপুৰ, নগাঁওঃ শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন। ৰাসক লৈ ৰাইজৰ মাজত ব্যাপক উছাহ।
তেজপুৰ চহৰৰ পৰা প্ৰায় ৮-৯ কিঃ মিঃ নিলগত অৱস্থিত মিলনপুৰ অঞ্চল। এই অঞ্চলটোৰ সাংস্কৃতিক দিশটো চাবলৈ গ’লে পোনপ্ৰথমতে মিলনবাকৰি ৰাস মহোৎসৱৰ কথাই প্ৰত্যেকৰে মনলৈ আহে।
১৯৩৬ চনৰে পৰা অনুষ্ঠিত হোৱা মিলনবাকৰি ৰাস মহোৎসৱে বৰ্তমানলৈকে সমগ্ৰ অঞ্চলটোৰ বাবে এক আনন্দ আৰু গৌৰৱৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰিছে। মিলনবাকৰি ৰাস মহোৎসৱ ১৪টা চুবুৰীয়ে একেলগে মিলি অনুষ্ঠিত কৰে।
কৃষ্ণভক্তিৰ মাহাত্ম্য প্ৰকাশ আৰু ৰাস-লীলাৰ ক্ৰীয়াকৌতুকস্থলী মিলনবাকৰি ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ ইয়াৰ ৰাস মণ্ডপ। ইয়াৰ সৌন্দৰ্য্যই প্ৰতিজন ব্যক্তিৰ মন মোহিত কৰি আহিছে। সম্পূৰ্ণ ৰাস মণ্ডপটো প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ।
লগতে পঢ়কঃপ্ৰতিষেধক নোলোৱা লোকক চৰকাৰী সুবিধা নিদিয়াৰ জাননী
শাৰী শাৰীকৈ ৰোপণ কৰা প্ৰকাণ্ড গছবিলাকৰ ঠাল ঠেঙুলী বোৰত বাঁহ-মাৰলী বান্ধি খেৰেৰে ৰভা সজোৱা হয়। ৰাসৰ মূল মণ্ডপত নানান গছ-লতা, ফুল- ফলৰ গছৰে মণ্ডপটি সুশোভিত কৰি তোলা হয়।
ৰাসমণ্ডপৰ পূব দিশত আছে এটি ৰাধা-কৃষ্ণৰ মন্দিৰ। ঐতিহ্যমণ্ডিত মিলনবাকৰি ৰাস মহোৎসৱত প্ৰচলিত নীতি-নিয়মৰ লগতে মূল ভাৱৰীয়াৰ ক্ষেত্ৰটো কিছু পৰম্পৰা মানি চলা হয়। ইয়াত পূৰ্বৰ পৰা বৰ্তমানলৈকে মূলৰাসৰ যিগৰাকী ব্যক্তিয়ে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে তেওঁ ব্ৰাহ্মণ বা মহন্ত কুলৰ ব্যক্তি হ’ব লাগিব।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁৱৰ কচুৱাৰ লুটুমাৰীতো দেখা গৈছে ৰাস মহোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি।
লুটুমাৰী শংকৰৰ মন্দিৰ আঞ্চলিক সমিতিৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবেলি চৰকাৰৰ কভিড নীতি-নিয়ম পালন কৰি ১৭ নৱেম্বৰ তাৰিখে এদিনীয়াকৈ উদযাপন কৰা হ’ব ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা।
যাৰ বাবে দিনে নিশাই আখৰাত ব্যস্ত হৈ পৰিছে লুটুমাৰী চাৰিআলিৰ জীয়ৰী বোৱাৰী সকল। খোল- তালৰ চেৱত ককাল ঘূৰাই নাচি নাচি আপোন পাহৰা হৈছে পৰিছে জীয়ৰী বোৱাৰী সকল।