প্ৰতিনিধিত্বমূলক ছবি

নিউজ ডেস্ক: ক’ভিডক নেওচি মাজুলীৰ লগতে ৰাসৰ প্ৰস্তুতি চলিছে ৰাজ্যত । পাঁচ সমষ্টিৰ উপ নিৰ্বাচনক লৈ শাসক বিৰোধী উভয়ে বিনা বাধাই চলালে নিৰ্বাচনী প্ৰচাৰ, হাজাৰ হাজাৰ লোকৰ সমাগম । কিন্তু আগন্তুক ৰাসৰ ক্ষেত্ৰত আকৌ কঠোৰ হোৱাৰ কথা কৈছে ৰাজ্য প্ৰশাসনে ।

ৰাজনৈতিক দলৰ নেতাৰ অবাধ লীলা কিন্তু শ্ৰী কৃষ্ণ গোপীসবে লীলা কৰিবলৈ হ’লে ক’ভিড ভেকচিন লৈহে আহিব লাগিব । কংস, দৈবকী, বসুদেৱ আদিয়েও ল’ব লাগিব ক’ভিড ভেকচিন, মানিব লাগিব ক’ভিড প্ৰটকল । ইয়াৰ বাবে মাজুলী জিলা প্ৰশাসন অধিক তৎপৰ হৈ পৰিছে ।

৭ নবেম্বৰৰ ভিতৰত প্ৰথম পালি লোৱা ব্যক্তি শেষ কৰিব বিচাৰিছে জিলা প্ৰশাসনে । ১৮০ বছৰীয়া মাজুলীৰ ৰাসলীলা ক’ভিডসৃষ্ট পৰিবেশৰ মাজতে আয়োজন কৰিবলৈ লাগিছে বিভিন্ন সত্ৰসমূহত ।

এই ৰাসলীলাৰ সৈতে মাজুলীবাসীৰ আছে আত্মিক সম্পৰ্ক সেয়েহে সকলো বাধা বিঘিনী নেওচি অহা ১৮ নবেম্বৰৰ পৰা মাজুলীৰ ৰাস মহোৎসবত মাজুলী হৈ পৰিব দ্বিতীয় গকুল-বৃন্দাবন ।

লগতে পঢ়ক-পশ্চিম কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত খেৰণিত ক্রীড়া সমাহৰোহ

ৰাজ্যত এতিয়া চৰকাৰী তথ্য মতে ক’ভিডৰ পজিটিভিটীৰ হাৰ বাঢ়িছে । শণিবাৰে পজিটিভিটীৰ হাৰ ০.৭১ শতাংশৰ পৰা দেওবাৰে ১.৪১ শতাংশলৈ বাঢ়িল ।

দেওবাৰে আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা আছিল ২১২ গৰাকী | দেওবাৰৰ দিনটোত ৰাজ্যত ১৫, ০৬০ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ২০ খনতকৈও অধিক বিদ্যালয় বন্ধ কৰি কন্টেইনমেন্ট জ’ন ঘোষণা কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply