নতুন দিল্লী: দেশৰ আগশাৰীৰ সন্মানীয় ৰাষ্ট্ৰীয় গৌৰৱ বঁটা সমিতিয়ে ডিজিটেল মাধ্যম যোগে উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কর্মী  ডঃ দিব্যজ্যোতি শইকীয়াক সন্মানীয় “ৰাষ্ট্ৰীয় গৌৰৱ বঁটা”প্ৰদান কৰে। উল্লেখযোগ্য যে আন আন বৰ্ষৰ দৰে এইবাৰো সমগ্র ভাৰতবৰ্ষৰ ভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰলৈ উৎকৃষ্ট সেৱা আগবঢ়োৱা দহজন ব্যক্তিক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে।

সমাজসেৱা, শিক্ষা, স্বাস্থ্য আৰু উদ্যোগ আদি শিতানত আগবঢ়োৱা উক্ত বঁটাৰ পৰা সমাজসেৱাৰ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বহুকেইটা ৰাষ্ট্ৰীয় সংগঠনৰ মুৰব্বী পদ অলংকৃত কৰা ডঃ দিব্যজ্যোতি শইকীয়া হ’ল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তি। দীৰ্ঘদিন ধৰি শান্তি, মানৱতা, মানৱ অধিকাৰ আৰু সামাজিক কাৰ্যৰে ৰাষ্ট্ৰ তথা মানৱ সমাজলৈ আগবঢ়াই অহা উৎকৃষ্ট সেৱাৰ বাবে ডঃ শইকীয়াই ইতিমধ্যে প্ৰায় সত্তৰটাতকৈ অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা দহটাতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক : বৰপেটা জিলাৰ গোমাফুলবাৰীত ১৬ সাতোৰিদক বিশেষ প্ৰশিক্ষণ

ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ব সংবিধান সংসদ সংস্থাৰ পৰা শ্রেষ্ঠ সমাজ সেৱাৰ বঁটা, মৌলানা আজাদ ৰাষ্ট্ৰীয় বঁটা, বাবুজগজীৱনৰাম ৰাষ্ট্ৰীয় বঁটা, ডঃ ভূপেন হাজৰিকা শান্তি বঁটা, চাকচ্ছেছ ইণ্ডিয়া এছিভাৰছ আইকন এৱাৰ্ড, ইন্টাৰন্যাসনেল গান্ধী পিছ এৱাৰ্ড আদি উল্লেখযোগ্য। অসমত অন্ধবিশ্বাস বিৰোধী তথা ডাইনী কাণ্ড ৰোধৰ বাবে প্ৰণয়ন হোৱা “THE ASSAM WITCH HUNTING PPP ACT-2015” ৰ মূল দাবীদাৰ ডঃ দিব্যজ্যোতি শইকীয়াৰ লগতে মহাৰাষ্ট্ৰৰ প্ৰখ্যাত সমাজ কৰ্ম্মী পদ্মশ্ৰী ডঃ অম্বঋষ বিজয়কৰকও ৰাষ্ট্ৰ গৌৰৱ বঁটা প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply