গুৱাহাটী – অসম বিধানসভা নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ দল। অসম বিধানসভা নিৰ্বাচনত যুঁজিবলৈ প্ৰস্তুত লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল। গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে উপস্থিত হৈ অসম বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় জনতা দল যুঁজিবলৈ প্ৰস্তুত বুলি ঘোষণা কৰিলে দলটোৰ নেতা তজস্বী প্ৰসাদ যাদৱে।
অসম বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰতা হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। শাসকীয় বিজেপিৰ লগতে বিৰোধী দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ইতিমধ্যে প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে। এইবাৰ বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ কংগ্ৰেছৰ লগত মিলিত হৈছে এ আই ইউ ডি এফৰ লগতে কেইবাটাও ৰাজনৈতিক দল।
ইয়াৰ মাজতে এইবাৰ অসম বিধানসভা নিৰ্বাচনত যুঁজিবলৈ প্ৰস্তুত হৈছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ ৰাষ্ট্ৰীয় জনতা দল। শনিবাৰে দলটোৰ নেতা তেজস্বী প্ৰসাদ যাদৱে গুৱাহাটীত এক সংবাদ মেল অনুষ্ঠিত কৰি অসম বিধানসভা নিৰ্বাচনত যুঁজৰ কথা ঘোষণা কৰে। অৱশ্যে ৰাষ্ট্ৰীয় জনতা দল কংগ্ৰেছৰ আৰু এ আই ইউ ডি এফৰ মহাজোঁট লগত থকাৰো ইংগিত দিয়ে তেজস্বী প্ৰসাদ যাদৱে।
ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱে সংবাদ মেলত কয় যে বিহাৰত কংগ্ৰেছ দলৰ লগত ৰাষ্ট্ৰীয় জনতা দলৰ মিত্ৰতা আছে। অসমত বিজেপিক শাসনৰ পৰা আঁতৰাই ৰখাৰ বাবে ৰাষ্ট্ৰীয় জনতা দল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগত আলোচনাত মিলিত হৈ মিত্ৰজোঁটৰ লগত থকাৰ সিদ্ধান্ত শীঘ্ৰে ৰাইজক অৱগত কৰিব।
উল্লেখ্য যে শুকুৰবাৰে নিৰ্বাচনী অধিসূচনা ঘোষণা হোৱাৰ পিছতে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱ গুৱাহাটীত উপস্থিত হৈছিল। শনিবাৰে নেতা গৰাকীয়ে শক্তিপীঠ কামাখ্যা মন্দিৰ দৰ্শন কৰি সংবাদ মেল অনুষ্ঠিত কৰে। তেজস্বী প্ৰসাদ যাদৱে অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব বুলিও সংবাদ মেলত ঘোষণা কৰে।