স্মৃতি প্ৰিয়া লাহন, টিয়ক: অসম বৈভৱ সন্মানৰে সন্মানিত ভাৰতৰ উদ্যোগপতি তথা অসমৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা অভায়াৰণ্যত সুচল যাত্ৰাৰ বাবে বিশেষ গাড়ীৰ ব্যৱস্থা কৰা সমাজ দৰদী ৰতন টাটাৰ অন্যতম সপোনে আজি পোশা মেলিলে টীয়ক নগৰৰ মাজমজিয়াত।
টাটা মটৰছে সমগ্ৰ ভাৰতবৰ্ষতে সকলো শ্ৰেণীৰ সকলো স্থানৰ লোকৰ সহায় হোৱাকৈ ‘অনুভৱ’ নামাৰে এক মোবাইল ভান ব্যৱস্থা কৰিছে, য’ত টাটাৰ বিভিন্ন প্ৰস্ততকাৰী গাড়ীৰ দৃশ্য শ্ৰাব্য মাধ্যমেৰে উপস্হাপন তথা কোনখন গাড়ী ক’ত কেতিয়া ব্যৱহাৰৰ উপযোগী তাক উপস্হাপনৰ দিহা কৰা হৈছে।
টীয়ক নগৰৰ মাজমজীয়াত শিৱসাগৰৰ প্ৰগতি মটৰছে টাটাৰ সপোনৰ এই অনুভৱ ভানখন অসমৰ ভিতৰত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰিছে। টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈয়ে বন্তি জ্বলাই ফিটা কাটি শুভ উদ্বোধন কৰে উক্ত অনুভৱ ভানখন।
উক্ত অনুষ্ঠানত টীয়কৰ জেষ্ঠ সাংবাদিক দেৱজিত বৰুৱা, যুৱ শিক্ষক গৌতম বৰা, অমৃত কাকতি, অমৰজিত বৰুৱাকে প্ৰমুখ্য কৰি প্ৰতিষ্ঠানটোৰ ভালেসংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত থাকে। লগতে টাটা প্ৰতিষ্ঠানে সামাজিকভাৱে অসমৰ বাবে যি কৰি আছে তাক একেমুখে সকলোৱে সোঁৱৰে।
ইফালে, এই আঁচনিয়ে সৰ্বস্তৰৰ ব্যক্তিকে চুই যাব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে লগতে টাটাৰ দৰে প্ৰতিষ্ঠানত কৰ্মৰত হ’বলৈ সুবিধা পোৱাৰ বাবে নিজকে সৌভাগ্যবান বুলি অভিহিত কৰিছে উদ্যোক্তামণ্ডলীয়ে।