ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন-২০১৩ৰ অধীনত দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণৰ বাবে দিয়া ৰেচন কাৰ্ড আৰু বিনামূলীয়া আৰু সুলভ মূল্যত চাউল লাভ কৰি থকা সকলৰ বাবে গোলাঘাট জিলা প্ৰশাসন কঠোৰ পদক্ষেপ লোৱাৰ বাবে আগবাঢ়িছে।

জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে এই সন্দৰ্ভত জাৰি কৰা জিলা উপায়ুক্তৰ স্বাক্ষৰ সম্বলিত এখন নিৰ্দেশত সকলো চৰকাৰী চাকৰিয়াল, পেঞ্চনভোগী পৰিয়াল, বাৰ্ষিক আয় এক লাখ টকাৰ ওপৰৰ বে-চৰকাৰী চাকৰিয়াল, স্বচ্ছল ব্যৱসায়ী, খেতিয়কৰ লগতে চাৰিচকীয়া বাহন থকা পৰিয়াল আৰু আৰ চি চি বিল্ডিং থকা পৰিয়ালক অতি সোনকালে যোগান বিভাগৰ কাৰ্যালয়ত ৰেচন কাৰ্ডসমূহ জমা দিবলৈ নিৰ্দেশ দিয়া হৈছে ।

ইয়াৰ পিছৰ পৰ্যায়ত প্ৰশাসনৰ নিজাববীয়াকৈ চলোৱা অনুসন্ধানত যোগ্যতাবিহীন ভাবে এনে আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকা বুলি প্ৰমাণ হ’লে অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনে স্পষ্ট কৰি দিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply