নিউজ ডেস্কঃ টকিঅ’ অলিম্পিকত বুধবাৰে ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় মল্লযুদ্ধা ৰবি কুমাৰে দহিয়াই ৷
ৰবি কুমাৰে কাজাখস্তানৰ নুৰইছলাম ছানায়েভক পৰাস্ত কৰি পুৰুষৰ ৫৭ কিলোগ্ৰাম ফ্ৰী ষ্টাইলৰ ফাইনেলত প্ৰৱেশ কৰে।
ইয়াৰ লগতে ৰবি কুমাৰে অলিম্পিকৰ পদকৰ লাভ কৰা কেডি যাদৱ, সুশীল কুমাৰ, যোগেশ্বৰ আৰু সাক্ষী মালিকৰ পিছত পঞ্চম ভাৰতীয় মল্লযোদ্ধা হিচাপে পৰিগণিত হয় ৷
লগতে পঢ়কঃলাভলীনাক ৯ আগষ্টত সম্বৰ্ধনা জনাবলৈ সাজু অসমবাসী
ৰবি কুমাৰে দহিয়াই বৃহস্পতিবাৰে ফাইনেলত প্ৰতিদ্বন্দিতা কৰিব ৷ ৰবি কুমাৰে দাহিয়া ২০১২ চনত সুশীল কুমাৰৰ পিছত মল্লযুঁজৰ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ।
আনহাতে পুৰুষৰ ফ্ৰী ষ্টাইল ৮৬ কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেলত ভাৰতৰ মল্লযুদ্ধা দীপক পুনিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেভিদ টেইলৰৰ হাতত ১০-০ পইন্টত পৰাস্ত হয় ।