নিউজ ডেস্কঃ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এক ভাল খবৰ। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া চমুক আৰবিআইত ওলাইছে চাকৰি। ৰিজাৰ্ভ বেংকে এছিছটেন্ট পদৰ বাবে মুকলি কৰিছে এক বিজ্ঞাপন। এই বিজ্ঞানখনত ৯৫০টা এছিছটেন্ট পদৰ বাবে প্ৰাৰ্থীৰ প্ৰয়োজন বুলি উল্লেখ কৰা হৈছে। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত চাকৰি কৰাৰ বাবে যিসকল ইচ্ছুক তেওঁলোকে শীঘ্ৰেই অফিচিয়েল ৱেবছাইট rbi.org.in ত এই বিষয়ে চাব পাৰিব।
উল্লেখ্য যে, এই পদত আৱেদন কৰিবলৈ অনলাইন আৱেদন আৰম্ভ হ’ব ১৭ ফেব্ৰুৱাৰী, ২০২২ৰ পৰা। প্ৰাথমিক পৰীক্ষা, মুখ্য পৰীক্ষা আৰু তাৰপাছত এলপিটি অৱতীৰ্ণ হ’ব লাগিব আৱেদন কৰা প্ৰাৰ্থীসকল। আৰু তাৰপাছত যোগ্য প্ৰাৰ্থীক বাচনি কৰা হ’ব। জানিব পৰা মতে, অনলাইন আৱেদনৰ অন্তিম তাৰিখ ৮ মাৰ্চ, ২০২২। আৰু প্ৰিলিমছ অৰ্থাৎ প্ৰাথমিক পৰীক্ষা অনুষ্ঠিত হ’ব ২৬-২৭ মাৰ্চত। আৰু মেইন পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে প্ৰাৰ্থীসকলক তাৰিখ সন্দৰ্ভত অৱগত কৰি দিয়া হ’ব।
কোনে কোনে কৰিব পাৰিব আৱেদনঃ
- আৰবিআইৰ এছিছটেন্ট পদৰ বাবে আৱেদন কৰা প্ৰাৰ্থীসকলে ৫০ শতাংশ নম্বৰেৰে স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
- অৱশ্যে এছটি/এছচি/পিডব্লিউডিৰ আৱেদনকাৰীসকলৰ বাবে পাছ মাৰ্ক হ’লেই আৱেদন কৰিব পাৰিব।
- আৱেদনকাৰীসকলৰ বয়স ২০ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’ব লাগিব।
কেনেকৈ কৰিব অনলাইন আৱেদনঃ
আৱেদনকাৰীসকলে ১৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চৰ ভিতৰত আৰবিআইৰ ৱেবছাইট rbi.org.in লৈ গৈ হোম পেজত আৰবিআই এছিছটেন্ট পদৰ বাবে আৱেদন কৰাৰ লিংক দেখা পাব। লিংকটোত ক্লিক কি তাত থকা জাননীখন ভালদৰে পঢ়ি প্ৰয়োজন নথি-পত্ৰসমূহ আপলোড কৰিব লাগিব। অনলাইন আৱেদন কৰাৰ পাছত এখন হাৰ্ড কপী আৱেদনকাৰীসকলে ৰাখিব পাৰিব। উল্লেখযোগ্য যে, আৱেদনৰ বাবদ ৪৫০ টকা ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং যোগে জমা দিব লাগিব।
