নিউজ ডেস্ক: অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই অনুসৰি শীঘ্ৰে অৰুণোদয় আঁচনিৰ পৰা বহু শিতাধিকাৰীৰ নাম বাদ পৰিবলৈ গৈ আছে। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দিল্লীত সংবাদ মাধ্যমৰ আগত নাম কৰ্তনৰ তাৰিখো ঘোষণা কৰে।
উল্লেখযোগ্য যে অহা ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ ৰাজ্যজুৰি অসম চৰকাৰে পালন কৰিব এমহীয়া অৰুণোদয় মাহ কাৰ্যসূচী, আৰু এই সময়ছোৱাতে চলিব নাম কৰ্তনৰ কাম। যিসকল হিতাধিকাৰীৰ আৰ্থিক অৱস্থা পূৰ্বৰ তুলনাত উন্নত হৈছে তেওঁলোকৰ নাম আঁচনিৰ পৰা কৰ্তন কৰা হ’ব।
এই সন্দৰ্ভত কালি সংবাদ মাধ্যমৰ আগত কয়, ”অহা ২০ আগষ্টৰ পৰা অসমত এমহীয়া অৰুণোদয় মাহ উদযাপন কৰা হ’ব। অৰুণোদয় মাহ উদযাপনৰ লক্ষ্য হ’ল যে যিসকল হিতাধিকাৰী এই আঁচনিত আছে তেওঁলোকৰ ঘৰত আমি আকৌ এবাৰ যাম, মানুহজন জীয়াই আছে নে নাই, বা আগত যি কাৰণে পাইছিল সেই পৰিৱেশটো ঘৰত একে আছে নে পৰিৱেশটো উন্নত হৈছে, যদি উন্নত হৈছে- চৰকাৰী চৰকাৰী চাকৰি পাই গ’ল বা গাড়ী কিনি ল’লে- তেতিয়া তেওঁলোকৰ জাগাত আন দুখীয়া মানুহে অৰুণোদয় পাব।”
এই উদ্দেশ্যে ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈকে মহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলক ঘৰে ঘৰে গৈ অৰুণোদয় হিতাধিকাৰীৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰীয়ে কয়। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ৫ আগষ্টৰ ভিতৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে লগতে জানিব দিয়ে।
এমাহ ধৰি চলিব লগা উক্ত নাম কৰ্তন প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত ২০ ছেপ্টেম্বৰৰ পৰা ২০ অক্টোবৰলৈ অৰুণোদয় আঁচনিত নতুন হিতাধিকাৰীৰ নাম সোমোৱাৰ কাম আৰম্ভ হ’ব। এই সময়ছোৱাত প্ৰায় ৮ লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ’ব বুলি মুখ্য মন্ত্ৰীয়ে কয়।
ইয়াৰ পূৰ্বে কালি মুখ্য মন্ত্ৰীয়ে নতুন দিল্লীৰ অসম ভৱনৰ পৰা এক ভিডিঅ’ কনফাৰেন্সৰ যোগে ৰাজ্যৰ জিলা উপায়ুক্তসকলৰ সৈতে এক অৰুণোদয় আঁচনি ৰূপায়ণৰ সন্দৰ্ভত এক পর্যালোচনা বৈঠকত মিলিত হয়। মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা উপস্থিতিত অনুষ্ঠিত উক্ত বৈঠকত তেওঁ উপায়ুক্তসকলক বহুকেইটা গুৰুত্বপূৰ্ণ নির্দেশনা প্রদান কৰে।
লগতে পঢ়ক – জালুকবাৰীৰ পৰা চানডুবি হ’ব সৰ্বাধিক এক ঘণ্টাৰ বাট