নিউজ ডেস্কঃ জিলা কৰ্তনক লৈ বিশ্বনাথত ক্ষোভ। কেবিনেটৰ এই সিদ্ধান্তক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে। 

দল-সংগঠনৰ প্ৰতিনিধিসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে- ‘বিশ্বনাথ এখন ঐতিহ্যমণ্ডিত ঠাই। গতিকে কেবিনেটৰ এই সিদ্ধান্ত সমগ্ৰ বিশ্বনাথ বাসীয়ে আৰু দল-সংগঠনসমূহে মানি নলয়।’

উল্লেখ্য যে, আজি কেবিনেটত অসমৰ চাৰিখন জিলাৰ বিলুপ্তৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ সন্দৰ্ভত সংবাদমেলযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, হোজাই, বিশ্বনাথ, বজালী আৰু তামুলপুৰ জিলাক বিলুপ্ত কৰা হৈছে। শোণিতপুৰ জিলাৰ লগত মিলাই দিয়া হৈছে বিশ্বনাথ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply