অসম-মিজোৰাম সীমান্তৰ ঘটনা

মুখ্যমন্ত্ৰীয়ে অসম মিজোৰাম সীমান্তত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া হিচাবে আজি সংবাদমাধ্যমৰ আগত অসম চৰকাৰে নৰম স্থিতি লোৱা বুলি প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সাতজনকৈ লোক মৃত্যু হোৱাৰ পিছতো কেন্দ্ৰলৈ বল ঠেলি গোটেই ঘটনাটোক লৈ অসম চৰকাৰৰ স্থিতিক লৈ সমালোচনা কৰিছে ভিন্ন জনে ।

১৯৭২ চনত মিজোৰামে ৰাজ্য হিচাপে স্বীকৃতি পোৱাৰ পাছত অসমে যিখিনি মাটি এৰি দিছিল বা যিখিনি মাটি লৈ তেওঁলোকে ৰাজ্য গঠন কৰিছিল সেইখিনিহে কেৱল তেওঁলোকৰ মাটি হ’ব। পৃথক ৰাজ্য গঠন নোহোৱাৰ পূৰ্বে এয়া অসমৰে মাটি আছিল। বুলি মন্তব্য কৰা মুখ্যমন্ত্ৰীয়ে ।

সীমান্তৰ সংৰক্ষিত বনাঞ্চল যাতে সংৰক্ষিত হৈ থাকে তাক চোৱাটোহে আটাইতকৈ প্ৰয়োজনীয়। মিজোৰামেহে সংৰক্ষিত বনাঞ্চলত ৰাস্তা নিৰ্মাণ কৰি আন্তঃগাঁথনি বনাইছে। বনাঞ্চল যাতে ধ্বংস কৰিব নোৱাৰে তাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ম বুলি মুখ্যমন্ত্ৰীয়ে আজি স্পষ্ট কৰিছে ।

কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন বৰাই কৰা মন্তব্য মতে,
“বৰ্তমানৰ চৰকাৰখনে অভিসন্ধি মূলক কাৰ্যত জড়িত হৈছে। কোভিড-১৯ ৰ সময়ত আচল বিষয়ক তলপেলাবলৈ চৰকাৰৰ এই ব্যৱস্থাত ৰহস্যজনক । যাৰ বাবে সাত জনকৈ আৰক্ষী জোৱানৰ প্ৰান যাবলগীয়া হল । গৰুৰ চোৰাং ব্যৱসায়ীক গুলীয়াবলৈ ৰাজহুৱাকৈ আদেশ দিছে মূখ্যমন্ত্ৰী গৰাকীয়ে, কিন্তু সীমান্ত পৰিস্থিতিত সামৰিক বাহিনীয়ে কি কৰিব তাৰ নিৰ্দেশ দিয়াৰ পৰা বিৰত আছে । মূখ্যমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ বাবে সীমান্তত আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।”

শিবসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্য, ” মুখেৰে ৩৭ টা কথা কলেও হিমন্ত বিশ্ব শর্মা এগৰাকী ভীৰু মুখ্যমন্ত্ৰী ।
মিজোৰামৰ বিৰুদ্ধে অর্থনৈতিক অবৰোধ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী জনাই অখিল গগৈয়ে ।
৭ জনৰ মৃত্যুৰ পিছতো হিমন্ত বিশ্ব শর্মা মুখ চুপতিত ব্যস্ত বুলি অভিযোগ কৰে অখিল গগৈয়ে ।
আনহাতে ২৪ ঘন্টাৰ ভিতৰত মিজো দুৰ্বৃত্তক অসম আৰক্ষীক চমজাই নিদিলে মিজো ভৱনত গামোচা উৰুৱাব বীৰ লাচিত সেনাই ।
অসম চৰকাৰক সীমান্ত সুৰক্ষাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা লোৱাৰ দাবী জনাই সংগঠনটোৱে ।
অসম চৰকাৰে আৰক্ষীক সীমিত ক্ষমতা প্ৰদান কৰাৰ বাবেই উচিত প্ৰত্যুত্তৰ দিব নোৱাৰিলে অসম আৰক্ষীয়ে বুলি অভিযোগ কৰে বীৰ লাচিত সেনাই ।

লগতে পঢ়ক অসম-মিজোৰামৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ বাবে অৰ্ধ সামৰিক বাহিনীক দোষাৰোপ মিজোৰামৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply