অজন্তা নেওগৰ বাজেট

বাজেট দাখিলৰ পিছতে বিৰোধী পক্ষৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া আহিছে। শাসক পক্ষই প্ৰত্যাশিত বাবে বাজেটক আদৰণি জনোৱাৰ বিপৰীতে বিৰোধী পক্ষই তীক্ষ্ণ সমালোচনা কৰিছে বাজেটক। ইয়াৰ মাজতে বাজেটক জনকল্যানমুখী আখ্যা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘আজি অসমৰ বাবে গৌৰৱৰ দিন। মহিলা বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিছে। দাখিল কৰা বাজেট জনকল্যানমুখী। বাজেটত মাইক্ৰফাইন্সৰ ঋণ মাফৰ ব্যৱস্থা লোৱা হৈছে। অৰুণোদয়ৰ ধনৰ পৰিমাণ বাজেটত বঢ়োৱা হৈছে। অসমত কৃষি বিপ্লৱৰ কথা কোৱা হৈছে। প্ৰতিটো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহুৱা পুখুৰী কথা কোৱা হৈছে।

ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈয়ে ধন্যবাদ জনালে বিত্তমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক।
অখিল গগৈয়ে কয় যে, ‘ উন্নয়নৰ কাম-কাজ সকলো বাজেটত থাকে আৰু আছে। মাটিৰ পত্তা আৰু ভূমি অধিকাৰৰ কথা কোৱা হৈছে বাজেটত। তাৰ কাৰণে বাবে ভাল লাগিছে। শিৱসাগৰ সমষ্টিৰ বাবে কেইটাও কাম হাতত লোৱাৰ বাবে মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক ধন্যবাদ জনাইছো। কিন্তু উন্নয়নৰ বাবে ১০০ কোটি টকা বিচৰা বিষয়টো উত্থাপন নহ’ল বাজেটত। আনহাতে কোভিড আৰু লকডাউনত প্ৰভাৱ পৰা লোকৰ বাবে একো নাই বাজেটত।’মাইক্ৰফাইনেন্সৰ পৰা ঋণ লোৱা মহিলাক আশ্বস্ত কৰিব পৰা নাই বাজেটে। এই বাজেট সন্তুষ্ট কৰিব পৰা বাজেট নহয়,হতাশজনক বাজেট। কেন্দ্ৰীয় আঁচনিৰ ধন ইয়াত উল্লেখ কৰা হৈছে। পুৰণি বাজেটখনকে নতুন ৰূপ দিয়া হৈছে। পুৰণি বটলত নতুন মদ বাহিৰে একো নহয়। কোভিড আৰু লকডাউনত প্ৰভাৱ পৰা লোকৰ বাবে একো নাই বাজেটত । কোভিড ভেকচিন প্ৰদান কেতিয়া সম্পন্ন হ’ব,সেই কথা ইয়াত উল্লেখ নহ’ল বাজেটত।’

বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বাজেটক লৈ অসন্তোষ্টি প্ৰকাশ কৰি কয়, বাজেটখনত বছৰটোৰ বা পাচ বছৰৰ পৰিকল্পনা সঠিকভাৱে প্ৰকাশ পোৱা নাই ।মহিলা হিচাপে বাজেট দাখিল কৰিছে, কিন্তু সেইমতে বাজেটত সন্নিবিষ্ট নাই ।অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত ২১৭০ টকা বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল, নহ’ল । বেংকসমূহে জালিয়তিৰে মাইক্ৰফাইনেঞ্চ লোণ দিছিল, তাৰ ব্যৱস্থাৰ কথা উল্লেখ নাই । চাহ বাগিছা, জলসিঞ্চনৰ কাম হোৱা নাই ।BPLৰ হাৰ অসমতেই বেছি, সীমান্ত অঞ্চল উন্নয়ন হোৱা নাই ।সীমান্ত অঞ্চল উন্নয়নৰ বাবে কোনো আঁচনি নাই ।

কংগ্ৰেছী বিধায়ক ৰকিবুল হুচেইনে কয়, এইবাৰৰ বাজেট হতাশাজনক, আশা কৰা মতে হোৱা নাই । ২০১৭-১৮ আদি সকলো বাজেটৰে পাতে পাতে বিফলতাই দেখা পাব । মূল্যবৃদ্ধি হ্ৰাসৰ কোনো ব্যৱস্থা বাজেটত নাই ।ক’ভিডৰ সময়ত দুখীয়াৰ সকাহ হোৱা কোনো কথা বাজেটত নাই । কেৱল ভাষণ হে এই বাজেট ।স্কুলৰ ভেনচাৰ, বেমাৰৰ কেন্সাৰ, চাইকেলৰ পামচাৰ, চৰকাৰৰ লেকচাৰ, নাই কোনো উত্তৰ । মানুহৰ খাবলৈ নাই, হেলিকপ্তাৰত ঘূৰিছে নেতা ।

এআইইউডিএফৰ ভাষ্য বাজেটত ভূমিৰ পৰা উচ্ছেদ কৰা বিষয়টো উল্লেখ থকা কথাটো ভাল হোৱা নাই ।বিজেপি দলে নিৰ্বাচনী প্ৰস্তুতি পালন চেষ্টা চলাইছে যদিও ৰাজ্যৰ উন্নয়নৰ ছবি খন স্পষ্ট হোৱা নাই বাজেটত ।

লগতে পঢ়ক প্ৰথম মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটত কি আছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply