গুৱাহাটী : কামাখ্যা ৰে’ল ষ্টেচনত আৰপিএফ বাহিনীৰ বৃহৎ সাফল্য। এখন ৰে’লত তালাচী চলাই আৰ পি এফ বাহিনীয়ে উদ্ধাৰ কৰে বিৰল প্ৰজাতিৰ কাছ। ১০ টা বেগৰ পৰা আৰপিএফ বাহিনীয়ে উদ্ধাৰ কৰে ২৩৫ টাকৈ বিৰল প্ৰজাতিৰ কাছ।
১৯৩০৫ নম্বৰৰ উজনিমুৱা কামাখ্যা-ইণ্ডোৰ যাত্ৰীবাহী ৰে’লখনত শনিবাৰে আৰপিএফ বাহিনীয়ে তালাচী চলাই ১০ টা গৰাকী বিহীন বেগ উদ্ধাৰ কৰে। ইয়াৰ পিছতে বেক কেইটা জব্দ কৰি বেগ কেইটাৰ ভিতৰত পৰা আৰপিএফ বাহিনীয়ে উদ্ধাৰ কৰে ২৩৫ টা বিৰল প্ৰজাতিৰ কাছ।
ৰে’লখন নিয়মীয়া তালাচী চলাই থকা অৱস্থাত গৰাকী বিহীন বেগ ১০ টা দেখি আৰপিএফ বাহিনীৰ সন্দেহ হয় আৰু বেগ কেইটা জব্দ কৰি কাছ কেইটা উদ্ধাৰ কৰে। কোনো দুষ্ট চক্ৰই ৰে’লযোগে কাছ কেইটা সৰবৰাহৰ চেষ্টা চলাইছিল। অৱশ্যে এই সংক্ৰান্তত কোনো লোকে আটক হোৱা নাই।
এই সন্দৰ্ভত আৰপিএফ বাহিনীয়ে তদন্ত অব্যাহত ৰাখিছে। আৰপিএফ বাহিনীয়ে কাছ কেইটাক বন বিভাগক চমজাই দিয়ে। বন বিভাগে কাছ কেইটা চিকিৎসাৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়ক- কোকিলকণ্ঠী গায়িকা ভাৰতৰত্ন লতা মংগেশকাৰৰ দেহাৱসান